নিউজ ডেস্ক:
ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি সোমবাৰৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ।কেলেংকাৰী তদন্তৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা কৰোৱা দাবীৰে মাহজোৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে কংগ্ৰেছে। ।উল্লেখ্য যে কামৰূপ(ম) বঙৰাত চৰকাৰী চিলিং উদ্ধৃত ২৯বিঘা ৯লেচা মাটি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ নামত হস্তগত কৰাৰ অভিযোগত এই কাৰ্যসূচী আৰম্ভ কৰিছে কংগ্ৰেছে।প্ৰত্যেক দিনেই বেলেগ বেলেগ জিলাত কংগ্ৰেছে সাব্যস্ত কৰিব বিভিন্ন প্ৰতিবাদ।কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমদিনা তিনিচুকীয়া, শিলচৰ, গোৱালপাৰা জিলাত সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদী কংগ্ৰেছীয়ে জিলাকেইখনৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ ভূমি কেলেংকাৰীৰ তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।এই কথা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছে।
ইফালে প্ৰতিবাদৰ অংশ হিচাপে ১১ জানুৱাৰীত ডিব্ৰুগড় আৰু ১২জানুৱাৰীত দৰং জিলাত ৰূপায়ন কৰিব।আনহাতে এই মাহজোৰা প্ৰতিবাদত তদন্ত নহলে অনাগত দিনত ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বভাৰতীয় কংগ্ৰেছৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ প্ৰদান কৰে কংগ্ৰেছৰ শীর্ষ নেতৃত্বই ।
- Log in to post comments
- 7 views