মহানগৰীত নাটনি হ'ব পাৰে পেট্ৰ'ল: ইথানল মিহলি পেট্ৰ'ল ক্ৰয়-বিক্ৰী বন্ধ ৰাখিছে ডিপোসমূহে

A

নিউজ ডেস্ক:


গুৱাহাটী মহানগৰীত দুই-এদিনৰ ভিতৰত নাটনি হ'ব পাৰে পেট্ৰ'ল।ইথানল মিহলি পেট্ৰ'ল ক্ৰয়-বিক্ৰীৰ বিৰোধিতাৰে পূৰ্বৰ স্থিতিত আজিও অটল উত্তৰ-পূব ভাৰত পেট্ৰ'লিয়াম ডীলাৰ্ছ এছ'চিয়েচন।আজিৰ পৰা অইল ইণ্ডিয়া কৰ্পৰেচনে যোগান ধৰিব লগা ইথানল মিহলি পেট্ৰ'ল ক্ৰয়-বিক্ৰী বন্ধ ৰাখিছে অইল ইণ্ডিয়া কৰ্পৰেচনৰ পেট্ৰ'ল পাম্পসমূহে। এই সন্দৰ্ভত সন্থাৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয়- ১০% ইথানল মিহলি থকা তেল লোৱাৰ পৰা ডিপো সমূহ বিৰত আছে।কিন্তু তেল কোম্পানীসমূহে ইথানল মিহলি পেট্ৰ'ল দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে।সংবাদমাধ্যমত তেল কোম্পানী সমূহে পেট্ৰ'লত ইথানল মিহলি কৰাৰ কথা অৱগত নকৰা পৰ্যন্তৰ লগতে তেল ডিপোৰ তেল টেংকী চাফা নকৰা আৰু টেংকীত পানী সোমোৱাৰ ব্যৱস্থা বন্ধ নকৰালৈ ইণ্ডিয়ান অইল কৰ্পৰেচনৰ পেট্ৰ'ল পাম্প সমূহে ইথানল মিহলি পেট্ৰ'ল নলয় বুলি তেওঁ কয়।

উল্লেখ্য যে দৈনিক প্ৰায় ১লাখ ২০হাজাৰ লিটাৰ পেট্ৰ'লৰ প্ৰয়োজন হয়।মুঠ ১০০টা ডিপোৰ ভিতৰত প্ৰায় ৬০টা ইণ্ডিয়ান অইল কৰ্পৰেচনৰ পেট্ৰ'ল পাম্প থকা বুলি তেওঁ জানিব দিয়ে।

ইফালে, হিন্দুস্তান পেট্ৰ'লিয়াম, ভাৰত পেট্ৰ'লিয়াম ডিপো সমূহত ইথানল মিহলি তেল দিয়া নাই।তাত সাধাৰণ পেট্ৰ'ল বৰ্তমান যোগান ধৰি আছে।

Your Comments