নিউজ ডেস্ক:
"অসমীয়া জাতীয় উৎসৱ ভোগালী বিহুৰ আয়োজনত সুবিধা হোৱাকৈ ৰাজ্য চৰকাৰে ক'ৰনাৰ এছ অ' পি শিথিল কৰক।৩১ডিচেম্বৰত ক'ৰনাৰ নীতি-নিৰ্দেশনা শিথিল আছিল, সেইদিনাৰ দৰে নহলেও অন্তত নিশা ১০বজাৰ পৰিৱৰ্তে ১২বজালৈ আৰু পুৱা ৫বজালৈ সান্ধ্য আইন শিথিল কৰিব লাগে"- সংবাদমেল যোগে চৰকাৰক দাবী গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ।যি সময়ত মানুহৰ সমাগম নাইকিয়া হ'ব তেনে সময়ত দিয়া হৈছে সান্ধ্য আইন আৰু মানুহ সমাগম হোৱা সময়ত সকলো মুকলি।ক'ৰনা যদি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে তেন্তে চৰকাৰে লকডাউন দি দিয়ক।সমাগম নোহোৱা সময়ত সান্ধ্য আইন দিলে কিদৰে ক'ৰনা আক্রান্ত হ্ৰাস হ'ব।চৰকাৰক এইদৰে প্ৰশ্ন কৰে সদৌ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে।নিশাৰ ভাগত মানুহ, গাড়ী মটৰ এনেইও কম হয় গতিকে তেনে সময়ত সান্ধ্য আইনৰ প্ৰযোজনেই নাই বুলি লগতে কয়।
আনহাতে, ক'ৰনাৰ নীতি-নিৰ্দেশনা সাধাৰণ মানুহে ঠিকেই মানে কিন্তু ঘোষণা কৰা সকলেহে বিভিন্ন সময়ত পালন কৰা নাই।সাধাৰণ জনতাক কেৱল জৰিমনা বিহিলেই নহব- হকে কয়।
ইফালে সংবাদমেলত গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জন বৰাই কয়- ক'ৰনাৰ বাবে ৰঙালী বিহু এবছৰ উদযাপন কৰা নাই।পৰিস্থিতি সাপেক্ষে তাকো কৰিম কিন্তু বৰ্তমান পৰিস্থিতিত তেনে হোৱা নাই।
উল্লেখ্য যে , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভোগালী বিহুৰ ভোজ-ভাত নিশা ১০বজাৰ পূৰ্বে খাই ঘৰত যাব লাগিব বুলি ঘোষণা কৰিছিল।ইয়াৰ উপৰিও ভেলা ঘৰত কোনো থাকিব নোৱাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।মুখ্যমন্ত্ৰীৰ মন্তৱ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া।
গুৱাহাটীৰ শিলপুখুৰী ৰাজহুৱা নামঘৰত আয়োজন কৰা সংবাদমেলত উপস্থিত সমিতিৰ উপ-সভাপতি হেমেন্দ্ৰ ডেকা, যুটীয়া সম্পাদক অজয় তালুকদাৰ উপস্থিত থাকে।
- Log in to post comments
- 13 views