ৰাজ্যত সোমবাৰৰ পৰা ইথানল মিহলি পেট্ৰ'ল যোগান ধৰিব ভাৰত চৰকাৰে

A

নিউজ ডেস্ক:

ভাৰত চৰকাৰে ১০ জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যত ইথানল মিহলি কৰা পেট্ৰ'ল যোগান ধৰিব।১০%ইথানল মিহলি পেট্ৰ'ল যোগান ধৰিব ৰাজ্যৰ জনতাক।ইথানল মিহলি পেট্ৰ'ল বিক্ৰীত আপত্তি নাই নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ'লিয়াম ডিলাৰ এছচিয়েচনৰ।শনিবাৰে এখন সংবাদমেল যোগে এছচিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয় - "হঠাৎ সোমবাৰৰ পৰা তেল কোম্পানী সমূহে উত্তৰ পূৰ্বাঞ্চলৰ পেট্ৰ'ল ডিপো সমূহত ইথানল মিহলি পেট্ৰ'ল বিক্ৰী কৰিব লাগিব বুলি এক নিৰ্দেশনা জাৰি কৰিছে।নিৰ্দেশনাৰ পিছতে পেট্ৰ'ল পাম্প সমূহৰ স্বত্বাধিকাৰী চিন্তিত হৈ পৰিছে।কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ সেমেকা জলবায়ুৰ বাবে পেট্ৰ'ল পাম্পত পেট্ৰ'ল থকা টেংকিবোৰ প্ৰায় ঘামি যায় ভিতৰত পানী জমা হৈ।সময়ে সময়ে এই পানীখিনি বাহিৰলৈ উলিয়াই টেংকিবোৰ চাফা কৰা হয়।কিন্তু ৰাসায়নিক ধৰ্ম মতে পানীৰ লগত ইথানল মিহলি হলে পানীলৈ ৰূপান্তৰিত হয়।পেট্ৰ'লত ১০% ইথানল যিহেতু থাকিব গতিকে পানীৰ পৰিমাণ টেংকত বৃদ্ধি হ'ব যদিহে উপযুক্ত প্ৰক্ৰিয়াৰে এই পানীখিনি টেংকৰ পৰা নাইকিয়া কৰা নহয়"।

বৰ্তমান নৰ্থ ইষ্টৰ পেট্ৰ'ল পাম্পত থকা পেট্ৰ'লৰ টেংকিবোৰত পানী শোষণ কৰিব পৰা অত্যাধুনিক প্ৰক্ৰিয়া সংলগ্ন নহয়।গতিকে পানীৰ পৰিমান বৃদ্ধি হলে এফালে ডিপোৰ লোকচান হোৱাৰ লগতে গ্ৰাহকৰো অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা থকাৰ কথা উল্লেখ কৰে সভাপতি গোস্বামীয়ে।

সংবাদমেলত স্পষ্ট কথা ইথানল মিহলি পেট্ৰ'ল বিক্ৰী কৰাত আমাৰ আপত্তি নাই।কিন্তু গ্ৰাহকৰ লগতে ডিপো সমূহৰ লোকচান যাতে নহয় সেয়া তেল কোম্পানীয়ে নিশ্চিত দিব লাগিব।লগতে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন মাধ্যমত বিজ্ঞাপন , তেল দিয়া যন্ত্ৰত ইথানল মিহলি পেট্ৰ'ল বুলি ৰাইজে দেখাকৈ জাননী জাৰি কৰা বাবে এছচিয়েচনে তেল কোম্পানীসমূহক দাবী জনায় ।তেল কোম্পানীয়ে দাবী মানি নোলোৱা পৰ্যন্ত ইথানল মিহলি পেট্ৰ'ল বিক্ৰী নকৰা সিদ্ধান্ত এছচিয়েচনৰ।

Your Comments