অসম গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

A

নিউজ ডেস্ক:

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই চানমাৰি অসম অভিযান্ত্ৰিক খেলপথাৰত প্ৰথমবাৰ আয়োজন কৰা অসম গ্ৰন্থমেলাত  শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।গ্ৰন্থমেলালৈ আহি ডঃ শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰি কয়-"গ্ৰন্থ বিক্ৰীত অভিলেখ সৃষ্টি কৰিছে। ২০০তকৈ অধিক গ্ৰন্থ উন্মোচন হৈছে।৪.৫০কোটি টকাৰো অধিক মূল্যৰ গ্ৰন্থ বিক্ৰী হৈছে অসম গ্ৰন্থমেলাত"।


দৈনিক ২৫হাজাৰ লোকৰ সমাগম  গ্ৰন্থমেলাত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কয়।গ্ৰন্থমেলাই সকলো দিশৰ পৰা অভিলেখ সৃষ্টি কৰিছে।অসমৰ অন্য স্থানতো উদ্যোক্তাই এনে গ্ৰন্থমেলা আয়োজনৰ চিন্তা চৰ্চা কৰিব পাৰে- শৰ্মাই কয়।

ডঃ শৰ্মাই গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদে পুৰণি সাধু কথাক লৈ উলিওৱা ইউটিউব চেনেলটো উদ্বোধন কৰে ৷ 

অহাবৰ্ষৰ গ্ৰন্থমেলাত মুকলি হ'ব 'মুখ্যমন্ত্ৰীৰ ডায়েৰী'।প্ৰসংগত তেওঁ কয়-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা দিনাৰে পৰা দৈনন্দিন কাম কাজৰ  বিৱৰণ দিনলিপিত লিপিবদ্ধ কৰি গৈছে।চলিত বৰ্ষৰ ১০মেত দিনলিপিৰ এবছৰ সম্পূৰ্ণ হ'ব।প্ৰতিবছৰে কৰ্ম খতিয়ান প্ৰকাশ পাব মুখ্যমন্ত্ৰীৰ ডায়েৰীত।

Your Comments