পশ্চিম কামৰূপত অবৈধ বালি মহল:বন বিভাগ, পুলিচ, মন্ত্ৰীৰে মিলিজুলি লুণ্ঠন- মনজিৎ মহন্ত

A

নিউজ ডেস্ক:

অসমত ছিণ্ডিকেটৰাজ বন্ধ হ'ব বুলি সদম্ভে ঘোষণা কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে এতিয়া কামৰূপ জিলা পশ্চিমাঞ্চলত চলিব লাগিছে বালিৰ বিশাল ছিণ্ডিকেট।হিমন্ত নেতৃত্বাধীন বিজেপি চৰকাৰৰ নেতা পালি নেতাৰ পৃষ্ঠপোষকতাত একাংশ বন বিষয়াৰ প্ৰত্যক্ষ উদগনিত পশ্চিম কামৰূপৰ বকো, বামুণীগাঁও, লোহাৰঘাট, শিংৰা, কুকুৰমাৰা, কুলসী আদিত অবৈধ বালি মহলত চলি আছে অবাধ লুণ্ঠন।দৈনিক প্ৰায় ১০০০খন ডাম্পাৰ আৰু মিনি ট্ৰাকে বিনা বাধাই চলাই আছে বালি খনন আৰু বিক্ৰী।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত মহন্তই কয়-এই অবাধ তথা ভয়ংকৰ দুৰ্নীতি দেখিও চকু মুদা কুলি ৰ ভাও ধৰি থকা মুখ্যমন্ত্ৰী আৰু তেওঁৰে চৰকাৰৰ চোৰাং কাৰবাৰক উদগনি দিয়া নীতিৰ বাবে এতিয়া নৈ বালি মহলৰ  পৰা বছৰি প্ৰায় ৩০কোটিৰ অধিক টকা ৰাজহ চৰকাৰে হেৰুৱাই আছে।কামৰূপৰ সচেতন জনতা আৰু নীতি-নিয়মৰ আওতাত থাকি বালি ব্যৱসায় চলাই অহাসকলে নিৰ্দিষ্ট বিভাগক বাৰে বাৰে অৱগত কৰিছে যদিও ওপৰৰ হেঁচাত সি ফল ধৰা নাই।ইয়াৰ পৰা স্পষ্ট যে বালিৰ আসাধু ব্যৱসায়ৰ লাভ অংশ বন বিভাগ, আৰক্ষী বিভাগৰ বিয়াগোম বিষয়াৰ পৰা ৰাজ্য চৰকাৰৰ মন্ত্ৰী-আমোলাই নিয়মীয়া লাভ কৰি আহিছে-মহন্তৰ স্পষ্ট অভিযোগ।

Your Comments