ভোগালী বিহু জাতীয় উৎসৱ; ইয়াত হকা-বাধা উচিত নহয়, ভোগালী বিহুত শিথিল কৰক ক'ৰনা নিৰ্দেশনা- অখিল গগৈ

A

নিউজ ডেস্ক:

ভোগালী বিহু আমাৰ জাতীয় উৎসৱ।ইয়াৰ ওপৰত কোনো ধৰণৰ হকা-বাধা উচিত নহয়।ৰাতি ১০বজাৰ সময়সীমা তথা বাধা-নিষেধ ৰাজ্য চৰকাৰৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উঠাই লওঁক- আহ্বান বিধায়ক অখিল গগৈৰ।কিছুদিন ধৰি অৰ্থাৎ ক'ভিদৰ সময়ত সদায় জাতীয় উৎসৱৰ ওপৰত আক্ৰমণ চলিছে।সঠিক ভাৱে জাতীয় উৎসৱসমূহ উদযাপন কৰিব পৰা নাই।পূজা, ৩১ডিচেম্বৰ, পহিলা জানুৱাৰী ঠিক মতেই হৈছে কিন্তু বিহুকেইটা সঠিক ভাৱে উদযাপন কৰিব পৰা নাই- গগৈয়ে কয়।৩১ডিচেম্বৰত জনতাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সান্ধ্য আইন শিথিল হৈছিল।ভোগালী বিহু ৰবাবেও বিশেষকৈ উৰুকা আৰু বিহুৰ দিনা সকলো বাধা-নিষেধ উঠাই লোৱাৰ আহ্বান ৰাইজৰ দলৰ।বিজেপি চৰকাৰৰ দিনত অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণ চলিছে-অখিলে কয়।

উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ক'ৰনাৰ নতুন নীতি নিৰ্দেশনা জাৰি কৰি মাঘ বিহুৰ ভেলা ঘৰত নিশা ১০ বজাৰ পাছত থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই বিভিন্ন সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্য চৰকাৰে জাৰি কৰা ক'ৰনাৰ নীতি-নিৰ্দেশনাক বিভিন্ন জনে তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে।চৰকাৰৰ এই সিদ্ধান্ত তথা নিষেধাজ্ঞাৰ বিৰোধিতা কৰে ৰাইজৰ দল তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। এই সন্দৰ্ভত শনিবাৰে মন্তৱ্য প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে।

Your Comments