নিউজ ডেস্ক:
কেৱল কথাৰ ফুলজাৰিৰে ৰাজ্যৰ প্ৰগতি বা বিকাশ সম্ভৱ নহয়।কোটি কোটি টকা ব্যয় কৰি জিলা সদৰে সদৰে ৰাজ্যিক কেবিনেট পাতি ইখনৰ পিছত সিখন উচ্ছ-শিক্ষাৰ প্ৰতিষ্ঠান পাতি গলেই শিক্ষাখণ্ডৰ দৰে মূল বিভাগসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন নুবুজায়।বিজেপি চৰকাৰক কটাক্ষ কৰি এই মন্তৱ্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।
ৰাজ্যৰ ১০খন বিশ্ববিদ্যালয় আৰু বহু প্ৰাদেশিকৃত মহাবিদ্যালয়ত এহেজাৰৰো অধিক পদ খালী থকা বিষয়টো উল্লেখ কৰি বৰাই কয়- অধ্যক্ষ অবিহনে চলিছে ৰাজ্যৰ ৩০খন মহাবিদ্যালয়।সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্যৰ আঁত ধৰি তেওঁ লগতে কয়- ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এতিয়া উত্তৰ আছে নে!১০ খন বিশ্ববিদ্যালয়ত ৩৪৯টা অধ্যাপকৰ পদ খালী হৈ আছে।তদুপৰি প্ৰাদেশিকৃত মহাবিদ্যালয়ত ৭৪৩টাকৈ অধ্যাপকৰ পদ শূণ্য হৈ আছে।এইসমূহৰ উপৰিও তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ খালী হৈ আছে ১৭৬৪ টা।গুৱাহাটী বিশ্ববিদ্যালয়তে খালী হৈ আছে ৮৭৮টা পদ।ইয়াৰ মাজত ১২৩টা অধ্যাপকৰ পদ বৰাই কয়।
বছৰ বছৰ ধৰি শিক্ষামন্ত্ৰী হৈ থাকি বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ এই পয়ালগা ছবিখন দেখা নাই নেকি? কেৱল বৃহৎ বৃহৎ ঘৰ সাজি বিশ্ববিদ্যালয়ৰ-কলেজৰ সংখ্যা বঢ়াই গৈ থাকিলে শিক্ষা জগতখনৰ উন্নতি বুজাই নেকি বুলি বৰাই কয়।
- Log in to post comments
- 10 views