নিউজ ডেস্ক:
ক'ৰনাৰ তৃতীয় ঢৌৰ নতুন নিৰ্দেশনা প্ৰকাশ ৰাজ্য চৰকাৰৰ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে নতুন নীতি-নিৰ্দেশনা।
শনিবাৰ অৰ্থাৎ ৮-৩০ জানুৱাৰীলৈ সমগ্ৰ ৰাজ্যত প্ৰাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ।কামৰূপ(ম) জিলাত অষ্টম শ্রেণীলৈ শিক্ষানুষ্ঠান বন্ধ। চৰকাৰী-বেচৰকাৰী উভয়তে এই নিয়ম প্ৰযোজ্য হ'ব।
ইফালে নৱম, দশম আৰু একাদশ শ্রেণীৰ পাঠদান প্ৰত্যেক দিনে নহয়।শিক্ষা বিভাগে নিৰ্দিষ্ট কৰিব নিয়ম।দ্বাদশ শ্রেণীৰ পৰা উচ্চ শিক্ষানুষ্ঠান সমূহত বৰ্তমানৰ দৰে পাঠদান চলি থাকিব।
শনিবাৰৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৬বজালৈ সান্ধ্য আইন সমগ্ৰ ৰাজ্যত প্ৰযোজ্য হ'ব।কিন্তু সান্ধ্য আইনৰ মাজতো নৈশ বাছ সেৱা অব্যাহত থাকিব।অৱশ্যে নৈশ বাছত সম্পূৰ্ন ভেকচিন লোৱা যাত্ৰীক উঠাব পাৰিব।অন্যথা ২৫হাজাৰ টকা জৰিমনা ভৰিব বাছ মালিকে।
ইয়াৰ উপৰিও চিকিৎসালয়ৰ বাহিৰে সম্পূৰ্ন ভেকচিন গ্ৰহণ নকৰাকৈ মল, ৰাজহুৱা যাতায়ত সেৱা, কাৰ্যালয়, সভা সমিতি, বিবাহ আদি অনুষ্ঠানত ব্যক্তি উপস্থিত থাকিব নোৱাৰিব।যদি ব্যৱসায়িক প্ৰতিষ্ঠানত ভেকচিন নোলোৱা ব্যক্তি প্ৰৱেশ কৰিলে কৰ্তৃপক্ষ দায়ী হ'ব।জৰিমনা হ'ব ২৫হাজাৰ টকা।
মাক্স পৰিধান কৰাটো এতিয়াৰ পৰা বাধ্যতামূলক।মটৰ চাইকেলত ডাবুল হবলৈ ভেকচিন সম্পূৰ্ণ হ'ব লাগিব ।
চুলাই ঘাটিসমূহ সন্ধিয়া নচলোৱাৰ আহ্বান।
কৰ্মচাৰীৰ ক্ষেত্ৰত ভেকচিন সম্পূৰ্ন নহলে ১৫জানুৱাৰী ৰ পৰা কাৰ্যালয় আহিব নোৱাৰিব।কাৰ্যালয় যিমান দিন আহিব নোৱাৰিব সিমান দিনে নাপাব দৰমহা।
আনহাতে মাঘ বিহু ১০বজাতে সামৰিব লাগিব।নিশা থাকিব নোৱাৰিব ভেলা ঘৰত।
জৰুৰী নহলে ক'ৰনাত আক্রান্ত চিকিৎসালয়লৈ আহিব নালাগে।ঘৰতে হোম আইচলেচনত থকাৰ আহ্বান।ঘৰত থাকিলে আক্রান্ত সকলে লাভ কৰিব ঔষধৰ এটা কীট।বি পি এলৰ বাহিৰ এতিয়াৰ পৰা ক'ৰনাত আক্রান্ত চিকিৎসা বিনামূলীয়া নহ'ব।ক'ভিড কেয়াৰ চেণ্টাৰত খাদ্য ঘৰৰ পৰা আনিব লাগিব।
ৰেল আৰু বিমান যাত্ৰীসকলে দুটা ড'জ সম্পূৰ্ন কৰিলে এতিয়াৰ পৰা ক'ভিড টেষ্ট বাধ্যতামূলক নহয়।কিন্তু এটা ভেকচিন, ভেকচিন নোলোৱা, ১৫বছৰৰ তলৰ শিশুৰ ক'ভিড টেষ্ট বাধ্যতামূলক।
ক'ৰনাত আক্রান্ত প্ৰতিজনকে অমিক্ৰণ বুলি ধৰা হ'ব এতিয়াৰে পৰা।
ছবিগৃহ, ৰেস্তোৰাঁ, চিটিবাছ আদিত সম্পূৰ্ণ ভেকচিন গ্ৰহণ কৰা ১০০% যাত্ৰী যাব পাৰিব।
- Log in to post comments
- 20 views