কটনৰ SNBCছাত্ৰাৱাসৰ একাংশ উদণ্ড ছাত্ৰৰ MNDP ছাত্ৰাৱাসত আক্ৰমণ, ২০জন ছাত্ৰ চিকিৎসালয়ত ভৰ্তি

A

B

 

নিউজ ডেস্ক:

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ গৰিমাত একাংশ উদণ্ড কটনিয়ানে লগাইছে কালিমা।সদ্যঘোষিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত পৰাস্ত হোৱা বিশ্ববিদ্যালয়ৰসীতানাথব্ৰহ্ম চৌধুৰী ছাত্ৰাৱাসৰ একাংশ উদণ্ড আৱাসীয়ে সাধাৰণ সম্পাদককে ধৰি মুঠ ৬টাকৈ গুৰুত্বপূৰ্ণ পদত জয়ী হোৱা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰাৱাসৰ সমৰ্থিত জয়ী প্ৰাৰ্থীক আক্ৰমণৰ লক্ষ্যৰে নিশা ছাত্ৰাৱাসত আক্ৰমণ চলায়।উদণ্ড ছাত্ৰৰ আক্ৰমণত ২০ জনকৈ এম এন ডি পিৰ আৱাসী বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত ভৰ্তি কৰিব লগা হৈছে চিকিৎসালয়ত।তাৰে এজন ছাত্রৰ মুখমণ্ডলত অতি বেয়াকৈ আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

 প্ৰাপ্ত খবৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ১০.৩০-১১ বজাত সংঘটিত হয় আক্ৰমণৰ ঘটনা।এছ এন বি চি ছাত্ৰাৱাসৰ উদণ্ড ছাত্ৰই এম এন ডি পি ছাত্ৰাৱসালৈ লক্ষ্য কৰি শিল, মাটি, বাঁহৰ টুকুৰা, ইটা আদি দলিয়ায়।ইয়াতে ক্ষান্ত নহৈ আক্ৰমণকাৰী উদণ্ড ছাত্ৰ ছাত্ৰাৱাসত প্ৰৱেশ কৰি পাকঘৰত ৰান্ধি থোৱা খাদ্য সামগ্ৰী ভাঙি লণ্ড-ভণ্ড কৰে।ডাইনিং ৰুমৰ বেঞ্চ-ডেক্স ভাঙি পেলায়।

ইফালে এম এন ডি পি ছাত্ৰাৱাসৰ আৱাসীসকলে প্ৰাণৰ শংকাত ভুগে। আতংকিত হৈ আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী উপস্থিত হৈ আক্ৰমণ প্ৰত্যক্ষহে কৰি থাকিল বুলি অভিযোগ উত্থাপন কৰিছে।

গুৰুত্বপূৰ্ণ কথা এই যে নিশাই আক্ৰমণত আহত ছাত্ৰসকলক ১০৮ৰ জৰিয়তে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

উল্লেখ্য যে মঙলবাৰে নিশাও এছ এন বি চি ছাত্ৰাৱাসৰ একাংশ উদণ্ড আৱাসীয়ে আক্ৰমণ কৰিছিল এম এন ডি পি ছাত্ৰাৱাসত।

C

Your Comments