আন্দোলন প্ৰত্যাহাৰ কৰা ১০৮-১০২ সেৱাৰ কৰ্মচাৰীক চাকৰিত যোগদানত বাধা কৰ্তৃপক্ষৰ

২১ ছেপ্টেম্বৰত মুখ্য মন্ত্ৰীৰে আলোচনাত বহিব ১০৮-১০২ সেৱাৰ কৰ্মচাৰী

 

যোৱা ৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ১০৮ আৰু ১০২ সেৱা কৰ্মচাৰীসকলে কৰি অহা কৰ্ম বিৰতি সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ অনুৰোধ আৰু তেওঁলোকৰ সমস্যা সমাধানৰ আশ্বাসৰ ভিত্তিত ১৩ দিনৰ অন্তত মঙলবাৰে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে প্ৰত্যাহাৰ কৰে তেওঁলোকৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ।

মুখ্য মন্ত্ৰীৰ হৈ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ মধ্যস্থতাত তেওঁলোকে প্ৰত্যাহাৰ কৰে আন্দোলনৰ কাৰ্যসূচী । উল্লেখ্য যে জি ভি কে ই এম আৰ আই নামৰ বহিৰাগত কোম্পানীটোৱে ইয়াৰ কৰ্মচাৰীসকলক দীর্ঘদিন ধৰি কৰি অহা বঞ্চনাৰ প্ৰতিবাদত ৩ হাজাৰ কৰ্মচাৰীয়ে গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ৷

আন্দোলনকাৰীসকলে জানিবলৈ দিয়ামতে, ৰাজ্যৰ জনসাধাৰণে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে তেওঁৰ মাধ্যস্থতাকাৰী হিচাপ বিধায়ক ঋতুপৰ্ণ বৰুৱাক দায়িত্ব দিছে আৰু সেই দায়িত্ব পালন কৰি বিধায়ক বৰুৱা মঙলবাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷

সেই আলোচনাৰ সিদ্ধান্তমৰ্মে মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ দাবীসমূহক গুৰুত্বসহকাৰে গ্ৰহণ কৰি অহা ২১ ছেপ্টেম্বৰত তেওঁলোকৰ লগত আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে ।

আনহাতে, মুখ্য মন্ত্ৰীৰ সৈতে হ'বলগীয়া উক্ত আলোচনাত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি প্ৰকাশ কৰে ৷ এই আলোচনাৰ প্ৰস্তাৱৰ বাবেই আন্দোলনকাৰীসকলে তেওঁলোকৰ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা বুলি জানিবলৈ দিয়ে ।

আনহাতে, আন্দোলন প্ৰত্যাহাৰ কৰি ১০৮ আৰু ১০২ সেৱাৰ কৰ্মচাৰীসকলে আজি নিজ কৰ্মত অংশগ্ৰহণ কৰাৰ বাবে জি ভি কে ই এম আৰ আই নামৰ কোম্পানীটোৰ কাষ চাপিছে যদিও বাতৰি যুগুতোৱা পৰলৈকে তেওঁলোকক কোম্পানীটোৱে চাকৰিত যোগদান কৰিবলৈ দিয়া নাই বুলি অৰূপজ্যোতি ডেকা নামৰ কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিছে ৷

তেওঁ জনোৱা মতে, আন্দোলন স্থগিত ৰাখি ৩ হাজাৰ কর্মচাৰীয়ে চাকৰিত যোগদানৰ বাবে কাৰ্যালয়ত আহি উপস্থিত হোৱাৰ পাছতো তেওঁলোকক কৰ্তৃপক্ষই চাকৰিত অংশগ্ৰহণ কৰিবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰিছে ।

Your Comments