নিউজ ডেস্ক:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসা কৰিবলৈ যাওতে সাৱধান হওঁক।অন্যথা দালালৰ ৰোষত পৰিব লগা হ'ব পাৰে আপুনি।ক্ৰমাৎ গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত বৃদ্ধি পাইছে দালালৰ আধিপত্য। বুধবাৰে ৰোগীক আই.চি.ইউ দিয়াৰ নামত ৰোগীৰ আত্মীয়ৰ পৰা ধন লৈ হাতে-লোটে ধৰা পৰে এটা দালাল। ধৃত দালালটোৰ নাম বিজু দাস।প্ৰাপ্ত খবৰ অনুসৰি ৰোগীক ICU দিয়াৰ নামত আত্মীয়ৰ পৰা ৭,৫০০টকা বিচাৰিছিল ধৃত বিজুৱে।আজি আগধন হিচাপে ৫,০০০ টকা লৈ থকা সময়তে হাতে-লোটে ধৰা পৰে দালালটো।
ইফালে ধৃত দালালটোৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ভঙাগড় থানাত দাখিল কৰিছে এজাহাৰ।
আনহাতে ৰোগীৰ-আত্মীয়সকললৈ আহ্বান জনাই শৰ্মাই কয়-সাৱধান হওঁক সকলো।দালালৰ প্ৰৰোচনাত ভুল নাযাব।চিকিৎসালয়ৰ কেচ কাউণ্টাৰৰ বাদে অন্য কোনো বেলেগ ব্যক্তিক পইচা নিদিব।
ইফালে চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ পৰা দৰব চুৰ কৰি হাতে-লোটে মঙলবাৰে ধৰা পৰিল এগৰাকী ফার্মাচিষ্ট।ফার্মাচিষ্টজন মৃদুল ডেকা।জি. এম. চি.এইচৰ ফাৰ্মাচী ৰ প্রতিষ্ঠানত স্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত ডেকাই প্রায় ৫০ হাজাৰ টকা মূল্যৰ ঔষধ ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কেন্দ্ৰীয় ফাৰ্মাচীৰ পৰা চুৰ কৰা অৱস্থাতে ধৰা পৰে।
আনহাতে ধৃত ফাৰ্মাচিষ্টজনৰ সন্দৰ্ভত অধীক্ষক শৰ্মাই কয়- চাকৰিৰ পৰা নিলম্বন কৰা হ'ব অভিযুক্ত ফাৰ্মাচিষ্ট ডেকাক।
পূৰ্বৰ পৰা বহু অভিযোগ আছিল তেঁওৰ বিৰুদ্ধে।তীক্ষ্ণ দৃষ্টি ৰখা হৈছিল ডেকাৰ ওপৰত।ডিউটি নথকা অৱস্থাত মঙলবাৰে ডিউটিলৈ অহাত সন্দেহ হৈছিল। তাৰ পিছতে ছিকিউৰিটিয়ে বেগ পৰীক্ষা কৰাত ৫০হাজাৰ টকাৰ দৰৱ পোৱা যায় তেওঁৰ পৰা।
- Log in to post comments
- 11 views