নৱবৰ্ষৰ প্ৰথমটো এনকাউণ্টাৰ গুৱাহাটী মহানগৰীত, পঢ়ক

A

নিউজ ডেস্ক:

ইংৰাজী নতুন বছৰৰ প্ৰথমটো এনকাউণ্টাৰ গুৱাহাটীত।আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা ড্ৰাগছ সৰবৰাহকাৰীক সোমবাৰে নিশা গড়চুক আৰক্ষীৰ এনকাউণ্টাৰ।সোঁ-ভৰিত গুলি লাগি আহত তাচেৰ আলি (৩২) নামৰ ড্ৰাগছ মাফিয়াটো।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে সোমবাৰে নিশা প্ৰায় ১১.৩০বজাত ড্ৰাগছ মাফিয়া তাচেৰক লৈ সহযোগীক বিচাৰি আৰক্ষীয়ে অভিযান চলাবলৈ যোৱা সময়তে আজাৰাত আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত আৰক্ষী কনিষ্টবল এ.শইকীয়া আঘাতপ্ৰাপ্ত হোৱাৰ পাছতে তাচেৰক আৰক্ষীয়ে গুলিচালনা কৰে।ফলত সোঁ ভৰিত গুলি লাগি আহত হয়।আহত  ড্ৰাগছ সৰবৰাহকাৰীটোক ভৰ্তি কৰা হয় জি এম চি এইচত।


উল্লেখ্য যে সোমবাৰে গড়চুক আৰক্ষীয়ে দিনৰ ভাগত isbt পৰা অভিযান চলাই ৫০০গ্ৰাম হেৰ'ইন সহ গ্ৰেপ্তাৰ কৰিছিল।মণিপুৰৰ পৰা বাছেৰে সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।জব্দ হোৱা হেৰ'ইন খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য প্ৰায়  ৪কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছিল।

Your Comments