নিউজ ডেস্ক:
অসম সচিবালয়ত দুৰ্নীতি গ্ৰস্ত মহিলা বিষয়াক গ্ৰেপ্তাৰ।ঘোচ লৈ থকা সময়তে দুৰ্নীতি-নিবাৰন শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে সীমা দেৱীক।৪হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যান বিভাগৰ জ্যেষ্ঠ সহায়িকা দেৱীক।ইয়াৰ উপৰিও ধৃত কৰ্মচাৰী গৰাকীৰ বেগৰ পৰা ৯৯হাজাৰ টকা জব্দ কৰে দুৰ্নীতি নিবাৰনশাখাই।
গুৰুত্বপূৰ্ণ কথা এই যে , দুৰ্নীতি নিবাৰন শাখাই বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পেলাই কৰ্মচাৰী গৰাকীক।
উল্লেখ্য যে অসম চৰকাৰৰ প্ৰধান হৃদপিণ্ড দিছপুৰৰ সচিবালয়।য'ৰ পৰা ৰাজ্যৰ প্ৰশাসনিক বিভিন্ন কাম -কাজ নিয়ন্ত্ৰিত হয়।কিন্তু মঙলবাৰে সচিবালয়ৰ পৰাই ঘোচ খোৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত বৰ্তমানো একাংশই দুৰ্নীতি মুকলি বেহা চলাই থকাটো স্পষ্ট প্ৰমাণ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়া-কৰ্মচাৰীসকলক দুৰ্নীতিৰ বিৰুদ্ধে সতৰ্ক কৰি আহিছে যদিও একাংশ বিষয়া কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ ৰঙাচকুলৈ ভয় যে কৰা নাই তাৰ উদাহৰণ সচিবালয়ত উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীগৰাকী ।
- Log in to post comments
- 54 views