নিউজ ডেস্ক:
নতুন বছৰটোৰ প্ৰথম দিনটোতেই শক্তিশালী অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলৰ ঘোষণা কৰে ।
অসম চৰকাৰৰ তৰফৰ পৰা অসমবাসীক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ কয় যে ,দ্বিতীয়বাৰৰ বাবে মিত্রজোঁটৰ চৰকাৰ হৈছে। প্রথমবাৰলৈ অকংগ্রেছী চৰকাৰ হৈছে।
বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা এগৰাকী কেবিনেট মন্ত্রী পালে অসমে। ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এয়া গুৰুত্বপূৰ্ণ ঘটনা।
বিনয় শইকীয়া, লাভলীনা বৰগোঁহাইয়ে বেলেগ পৰ্যালয়ৈ লৈ গ’ল অসমক। বিজ্ঞান, সাহিত্যৰ দিশৰ পৰা অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।
২০২১ বৰ্ষটো আমাৰ বাবে বেদনাৰ বৰ্ষও আছিল। কোভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা, আপোন মানুহক লৈ গ’ল।
আনহাতে, ৩১ ডিচেম্বৰৰ দিনটোত এটাও পথ দুৰ্ঘটনা হোৱা নাই। দায়িত্ব লোৱাৰ পিছৰে পৰা জিডিপি দ্রুতগতিত আগবাঢ়িছে।
সকলো সশস্ত্র সংগঠন মূল সূঁতিলৈ উভতি অহাটো আমাৰ বাবে ভাল লক্ষণ। চিভিল চছাইটি অফ ট্ৰাইবেল পিপ’লে এইক্ষত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
মিছন বসুন্ধৰাৰ জৰিয়তে ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে।
ডি টি অ’ অফিচলৈ নোযোৱাকৈয়ে সকলো কাম কৰা হ’ব। ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণকৈ অনলাইন হ’ব পৰিবহণ বিভাগ।
এতিয়াৰ পৰা মহাবিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া অনলাইন পদ্ধতিৰে হ’ব।
আনহাতে, অহা তিনি বছৰৰ ভিতৰত প্ৰতিটো চৰকাৰী প্ৰক্ৰিয়া অনলাইন কৰা হ’ব।
বৰ্তমান ২৫০০ খন প্ৰাথমিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে।
ইয়াৰ উপৰি আগন্তুক দিনত অসমৰ ১০ লাখ দুখীয়া পৰিয়ালে পকী ঘৰ নিৰ্মাণৰ নামত চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য লাভ কৰিব বুলিও কয়।
- Log in to post comments
- 41 views