নিউজডেস্ক:
দেশৰ লগতে অসমতো অহা ৩ জানুৱাৰীৰ পৰা ১৫-১৮ বছৰৰ ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া আনুষ্ঠানিক ভাৱে আৰম্ভ হ'ব।৯ জানুৱাৰীৰ ভিতৰত প্ৰথম পালি ভেকচিন প্ৰদান সম্পূৰ্ন কৰাৰ লক্ষ্য স্বাস্থ্য বিভাগৰ।শুকুৰবাৰে সংবাদমেলৰ জৰিয়তে জনালে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।উল্লেখ্য যে জিলাৰ বিদ্যালয়ে বিদ্যালয়ে প্ৰদান কৰা হ'ব ভেকচিন।মহন্তই জানিব দিয়া মতে, প্ৰতি জিলাত উপায়ুক্তই নিৰ্ধাৰণ কৰিব দৈনিক কিমান বিদ্যালয়ত প্ৰদান কৰিব ভেকচিন।এসপ্তাহৰ ভিতৰত যাতে সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত কৰিব পৰা যায় তাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰে।
গুৰুত্বপূৰ্ণ কথা এই যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰাৰপূৰ্বেই ছাত্ৰ-ছাত্ৰীসকলক দুইয়ো পালি ভেকচিন প্ৰদান কৰাৰ লক্ষ্য। ছাত্ৰ-ছাত্ৰীক'COVAXIN' প্ৰদান কৰিব বুলি কয় মহন্তই।ভেকচিন প্ৰদান প্ৰক্ৰিয়া সফল কৰাৰ বাবে অভিভাৱকক সহযোগিতা কৰাৰ আহ্বান মন্ত্ৰীৰ।
আনহাতে, বিদ্যালয়লৈ নোযোৱা সকলৰ বাবে প্ৰতিটো ভেকচিন চেণ্টাৰত সুকীয়া কাউন্টাৰ থাকিব তাত গ্ৰহণ কৰিব পাৰিব ভেকচিন- মহন্তই লগতে কয়।
এন এইচ এমৰ কাৰ্যালয়ত প্ৰত্যেক জিলাৰ উপায়ুক্তৰে বৈঠকৰ অন্তত সম্বোধিত সংবাদমেলতে কয় অহা ১০ জানুৱাৰীৰ পৰা ৬০ বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক, স্বাস্থ্যকর্মী-ফ্ৰণ্ট লাইন কৰ্মীসকলক তৃতীয়পালি ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৰাজ্যত আৰম্ভ হ'ব।উল্লেখ্য যে ৰাজ্যত কভিড ভেকচিন ৩.৭৫ কোটি প্ৰদান হৈছে।২.১৭ কোটি প্ৰথম আৰু ১.৫৮ কোটি দ্বিতীয় পালি ভেকচিন লগতে কয়।
সংবাদমেল খনতেই অমিক্ৰণৰ বাবে স্বাস্থ্য বিভাগ কিদৰে সাজু হৈছে তাৰো বিস্তৃত তথ্য অৱগত কৰে মহন্তই।৯০০০ খন বিচনা, ১০০০টা আই চি ইউ,২৫০০খন অক্সিজেনৰ বিচনা সাজু কৰাৰ লগতে এসপ্তাহৰ ভিতৰত ২৫হাজাৰখন বিচনা সাজু কৰিব পৰাকৈ স্বাস্থ্য বিভাগ প্ৰস্তুত আছে।অমিক্ৰণৰ চেম্পল পৰীক্ষাৰ বাবে যোৰহাটৰ 'নিষ্ট' সাজু কৰাৰ লগতে জিএমচিএইচত লেব স্থাপন কৰা প্ৰস্তুতি আৰম্ভ হোৱা বুলিও লগতে তেওঁ কয়।
শুকুৰবাৰৰ সংবাদমেলতেই স্বাস্থ্য বিভাগৰ বিগত বৰ্ষ ৰকামৰ খতিয়ান আৰু ২০২২ বৰ্ষত কৰিব লগা কৰ্ম তথ্য দাঙি ধৰে মন্ত্ৰীয়ে।টাটা ট্ৰাষ্টৰে নিৰ্মান কৰি থকা ৮খনকৈ কেঞ্চাৰ চিকিৎসালয় অহা বৰ্ষৰ এপ্ৰিলত মুকলি কৰিব।গুৱাহাটীৰ কালাপাহাৰত এখন মেডিকেল কলেজ নিৰ্মান কৰিব ।
মাৰ্চ মাহৰ ভিতৰত ৩৪৭৭খন চাৱ -চেণ্টাৰক হেলথ এণ্ড ৱেলথ'নেছ চেণ্টাৰলৈ উন্নীত কৰাৰ লক্ষ্য।সমগ্ৰ ৰাজ্যত মুঠ ৪৬০০খন ছাৱ চেণ্টাৰ আছে।তাৰে ২৩৮০ খন ইতিমধ্যেই উন্নীতকৰণ হৈছে।উল্লেখ্য যে হেলথ এণ্ড ৱেলথনেছ চেণ্টাৰলৈ উন্নীত হলে ৬খন বিচনা আৰু কমিউনিটি হেলথ অফিচাৰ থাকিব চেণ্টাৰত।
আনহাতে, বিগত বছৰটোত স্বাস্থ্য বিভাগে ৩৩৬১গৰাকী স্বাস্থ্য কর্মীৰ নিযুক্তি প্ৰদান কৰিছে।তাৰে ৩২০ গৰাকী চিকিৎসক।অহা মাৰ্চ মাহৰ ভিতৰত স্বাস্থ্যখণ্ডত প্ৰায় ১হাজাৰ নতুন নিযুক্তি প্ৰদান কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।
- Log in to post comments
- 13 views