কামৰূপ(ম) আৰক্ষীয়ে বছৰটোত কৰা কামৰ খতিয়ান জনালে আৰক্ষী আয়ুক্ত হৰমিত সিঙে

A

নিউজ ডেস্ক: 

ইংৰাজী নৱবৰ্ষলৈ মাজত এটা দিন থকাৰ সময়তে কামৰূপ(ম) বাসীলৈ আৰক্ষীৰ আয়ুক্ত হৰমিত সিঙৰ বিশেষ আহ্বান।নৱবর্ষৰ আনন্দৰ সময়ত ৰাজপথত মদ্যপান কৰি গাড়ী নচলাব।ৰাজপথত ৰেচিং নকৰিব।সুৰক্ষিত হৈ ৩১ডিচেম্বৰ আৰু ১জানুৱাৰী উদযাপন কৰক।
বৃহস্পতিবাৰে আয়ুক্ত কাৰ্যালয়ত চলিত বৰ্ষত মহানগৰ আৰক্ষীয়ে কৰা কামৰ খতিয়ান দাঙি ধৰে। 
নৱবৰ্ষ উদযাপনৰ সময়চোৱাত জিলাখনত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী সষ্টম হৈ থকা বুলি তেওঁ কয়।যান-বাহন আইন ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ।যোৱা ৪ মাহত(অক্টোবৰ-নবেম্বৰ) মাহে প্ৰায় ২.৫ কোটি টকা জৰিমনা সমগ্ৰ হৈছিল কিন্তু ডিচেম্বৰত এটা মাহতেই সংগ্ৰহ হৈছে প্ৰায় ৪কোটি টকা জৰিমনা-আয়ুক্ত সিঙে কয়।উল্লেখ্য জিলাখনত পূৰ্বতে এটা মাহত ৪ কোটি টকা যান-বাহন আইন ভংগকাৰী পৰা কেতিয়াও জৰিমনা সমগ্ৰ হোৱা নাছিল। ইয়াৰ উপৰিও শেহতীয়া ২০দিনত হেলমেট পৰিধান নকৰা ২২হাজাৰ ব্যক্তিক জৰিমনা বিহা বুলি তেওঁ কয়।একেদৰে শেহতীয়া এসপ্তাহত সুৰাপান কৰি গাড়ী চলোৱা ৬০০ জনক চিনাক্ত কৰি জৰিমনা বিহাৰ কথা তেওঁ জানিবলৈ দিয়ে।

ইফালে চলিত বৰ্ষত বিশেষকৈ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছত ২১হাজাৰ গোচৰ নিষ্পত্তি কৰিছে জিলাখন- সিঙে কয়।

ড্ৰাগছৰ বিৰূদ্ধে আৰক্ষীৰ সফলতা উল্লেখ কৰি আয়ুক্ত সিঙে কয়-মে' মাহৰ পৰা ১৬৮টা ড্ৰাগছৰ গোচৰত ৩৬৮জন গ্ৰেপ্তাৰ হৈছে।লগতে ১৩কেজি হে'ৰইন ২৬৫ কেজি গাঞ্জা, ২লাখ ৬০হাজাৰ টেবলেট, ৩৭খন বাইক, ৩৩খন সৰু গাড়ী, ৮খনকৈ ডাঙৰ গাড়ী জব্দ হৈছে।

ইয়াৰ উপৰিও চলিত বৰ্ষত ৬০টা হত্যাকাণ্ড সংঘটিত হৈছে সমগ্ৰ জিলাখনত।কিন্তু শেহতীয়া ভাৱে ২মাহত সংঘটিত হোৱা প্রায় সমূহ হত্যাকাণ্ড ঘৰুৱা হত্যা।ঘৰুৱা হত্যা বৃদ্ধি হোৱাটো সমাজৰ বাবে চিন্তাৰ বিষয়- সিঙে কয়।

আনহাতে, জিলাখনত বছৰটোত  দুৰ্ঘটনাত নিহত হৈছে ২২৭জনকৈ ব্যক্তি।আত্মহত্যা ঘটনা  ৩৭৩টা সংঘটিত হৈছে।এইসমূহৰ উপৰিও প্ৰায় ২০০টা চুৰি মোবাইল উদ্ধাৰ কৰিছে চলিত বর্ষটোত আৰক্ষীয়ে ।

'কামৰূপ(ম) ২০০ টাকৈ চিচিটিভি কেমেৰা বিভিন্ন স্থানত সংলগ্ন কৰা আছিল।কা' আন্দোলনকাৰীয়ে নষ্ট কৰিলে বেছিভাগ কেমেৰা'- সিঙে কয়।

Your Comments