ডিব্ৰুগড়ত আছুকর্মীৰ পিঠিত পৰা প্রতিটো লাঠীৰ কোবৰ হিচাপ হ'ব: গুৱাহাটীত আছুৰ বিক্ষোভ

A

নিউজ ডেস্ক:

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ যৌথ বিক্ষোভ।ডিব্ৰুগড়ৰ ঘটনাৰ প্ৰতিবাদত সাব্যস্ত কৰে এই বিক্ষোভ।প্ৰতিবাদত অংশগ্ৰহণ কৰে মহানগৰৰ প্ৰায় শতাধিক আছুকর্মী।মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে।

"অসম চৰকাৰৰ অপশাসন বন্ধ কৰক, পুলিচৰ বৰ্বৰতা বন্ধ কৰক, অত্যাচাৰী শাসন নচলিব, অসম আৰক্ষীয়ে ছহিদক কৰা অপমান সহ্য কৰা নহব, আছু কর্মী ৰ পিঠিত পৰা লাঠী কোবৰ হিচাপ আমাক লাগিব, অসম চৰকাৰ হুচিয়াৰ' আদি শ্লোগান সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে।

উল্লেখ্য যে ডিব্ৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনী কেন্দ্ৰিক সংঘাতৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে ৰাজনৈতিক পৃষ্ঠপোষকতাত ১৫ জনকৈ আছুকৰ্মীক ডিব্ৰুগড় ছহিদ ভৱনৰ পৰা চোঁচৰাই, বৰ্বৰ প্ৰহাৰ কৰি জেললৈ প্ৰেৰণ কৰা গুৰুতৰ অভিযোগ আছুৰ। 

গুৱাহাটীৰ প্ৰতিবাদত অংশ গ্ৰহণ কৰি কামৰূপ(ম) আছু সভাপতি ৰৌজমিল আলিয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনায়।লগতে জেললৈ প্ৰেৰণ কৰা আছু কৰ্মীক বিনাচৰ্তত মুকলি কৰিব লাগে বুলি তেওঁ কয়।

"শ্বহীদ ভৱনত অনাধিকাৰ প্ৰৱেশ কৰি ডিব্ৰুগড় আৰক্ষী অধীক্ষকে শ্বহীদবেদীক অপমান কৰাৰ লগতে আছুকৰ্মীক ৰাজনৈতিক প্ৰতিশোধ লৈছে।কোনো বিচাৰ নোহোৱাকৈ আছুকৰ্মীক আক্ৰমণ কৰা কাণ্ড সহ্য নকৰে আছুৱে"- আলিয়ে কয়।

আছু কৰ্মীৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ ডিব্ৰুগড় আৰক্ষী অধীক্ষকে পাব বুলিও তেওঁ কয়।

বিক্ষোভ কাৰ্যসূচীত উপস্থিত থাকে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰা হুছেইনো।

Your Comments