নিউজ ডেস্ক:
ৰাজ্যৰ নিবনুৱা সকলৰ বাবে ভাল খবৰ।অসম আৰক্ষী কনিষ্টবলৰ লিখিত পৰীক্ষাৰ সময় ঘোষণা।অহা ফেব্ৰুৱাৰীত এ.বি- ইউ.বি লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব। অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সামাজিক মাধ্যম ফেচবুকত ঘোষণা কৰিছে এই কথা।
উল্লেখ্য যে ২০১৮চনত প্ৰকাশ পাইছিল ৬৬৬২টা পদৰ বাবে বিজ্ঞাপন।চলিত বৰ্ষত ইতিমধ্যে শাৰীৰিক পৰীক্ষা সম্পূৰ্ন হৈছিল পদসমূহৰ।শাৰীৰিক পৰীক্ষাত উৰ্ত্তীণ প্ৰাৰ্থীয়ে বহিব লাগিব লিখিত পৰীক্ষাত।
গুৰুত্বপূৰ্ণ কথা এই যে মহন্তই সামাজিক মাধ্যমত উল্লেখ কৰা মতে অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা লিখিত পৰীক্ষা বাবে সকলোকে সাজু হবলৈ আহ্বান জনাইছে।
- Log in to post comments
- 27 views