নিউজ ডেস্ক:
ভাষা হ'ল মানুহৰ চিন্তাৰ তাৎক্ষণিক সঁচা ৰূপ।সমাজৰ বৌদ্ধিক বিকাশৰ এক অন্যতম মাধ্যম ভাষাই ব্যক্তি, সমাজ, ভৌগোলিক অৱস্থান তথা এটা জাতিৰ পৰিচয় দিয়ে --- এই বক্তব্য মৃনাল কুমাৰ দাসৰ। কামৰূপ জিলা সাহিত্য সভা, মণিকূট সাহিত্য সমাজ-হাজো আৰু মণিকূট কবি সমাজ, হাজোৰ সন্মিলীত প্ৰচেষ্টাত আজি তীৰ্থনগৰী হাজোৰ উচ্চ শিক্ষাৰ অনুস্থান সুৰেন দাস মহাবিদ্যালয়ত অনুস্থিত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগতে সমাজৰত্ন বটা প্ৰদান, গ্ৰন্থ উন্মোচন আৰু জিলা ভিত্তিত কবি সন্মিলন উপলক্ষে জনোৱা আদৰণি ভাষনত এনেদৰে বক্তব্য ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি মৃনাল কুমাৰ দাসে। মহাবিদ্যালয় খনৰ " মাধৱদেৱ ৰঙ্গ মঞ্চ"ত কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি তথা সাহিত্যিক পেঞ্চনাৰ নৃপেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুস্থিত আলোচনা সত্ৰত অভ্যৰ্থনা সমিতিৰ সভাপতি মৃণাল কুমাৰ দাসে আদৰণি ভাষনত পুনৰ কয়, অসমৰ শাসনভাৰ আহোমৰ হাতৰ পৰা ব্ৰিটিছৰ হাতলৈ যোৱাৰ পিছত আজিৰ পৰা প্ৰায় ১৯৫ বছৰ পূৰ্বে ১৮২৬ চনৰ পৰা অসমীয়া ভাষাৰ সংকট হৈছিল।গতিকে সেই ভাষাৰ সংকট হৈছে অসমীয়া জাতি অথবা সমাজৰ বাবে সংকট।ভাষা নাথাকিলে মানুহ নাথাকিব, মানুহ নাথাকিলে মাটি নাথাকিব আৰু মানুহ নাথাকিলে স্বকীয়তা নাথাকিব। সেয়ে অসমীয়া ভাষা জীয়াই ৰখাটো অসমত বাস কৰা আৰু জীৱিকা নিৰ্বাহ কৰা প্ৰতিজন ব্যাক্তিৰে দায়িত্ব আৰু কৰ্তব্য। হাজো সুৰেন দাস মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ আলী আকবৰ হুছেইনে শুভ উদ্বোধন কৰা তথা কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰাজেন মহন্তই আতধৰা এই আলোচনা সত্ৰত বিশিষ্ট সাহিত্যিক তথা সংগঠক পদ্মশ্ৰী ডঃ সূৰ্যকান্ত হাজৰিকাই সৰ্বোচ্চ ত্যাগ কৰি অসমীয়া ভাষাক জীয়াই ৰখাৰ লগতে সংৰক্ষণ তথা সংবৰ্দ্ধন কৰা অসম সাহিত্য সভা, জিলা সভা আৰু শাখা সভা সমুহে সাহিত্য সৃষ্টি আৰু চৰ্চাৰ জৰিয়তে অসমীয়া ভাষাত এক ঐতিহ্যমণ্ডিত স্থানত পৰ্যবসিত কৰিছে বুলি উল্লেখ কৰে। এই সভাতে ২০২০ - ২০২২ বৰ্ষৰ বিশিষ্ট সেৱাৰ বাবে জিলা ভিত্তিত কামৰূপ জিলা সাহিত্য সভাৰ তৰফৰ পৰা তীৰ্থনগৰী হাজোৰ সুসন্তান এমন্টনৰ উপ প্ৰৱন্ধক তথা সমাজসেৱক দিনমণি ভাণ্ডাৰ কায়স্থ আৰু বন্যাৰ্তৰ বন্ধু বনমালী শৰ্মাক সমাজৰত্ন বটা প্ৰদান কৰে। এই বটাত আছিল এখন প্ৰশস্তি পত্ৰ, এখন চেলেং চাদৰ আৰু এটি বটা। এমন্টনৰ উপ প্ৰৱন্ধক তথা সমাজসেৱক দিনমণি ভাণ্ডাৰ কায়স্থই সমাজৰত্ন বটা গ্ৰহণ কৰি ৰাইজলৈ উদ্দেশ্যি কয়, এই বটা প্ৰদান কাৰ্য্যত মৰম, প্ৰেৰণা, স্বীকৃতি আৰু আশা নিহিত হৈ আছে। এই চাৰিওটা দিশৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা সমাজৰত্ন শব্দটো হৈছে অতি অৰ্থবহ, গভীৰ সংকল্পৰ প্ৰতীক। সভাত শচীপ্ৰভা দেৱীৰ " নামৰ সফুৰা, প্ৰভাত বণিয়াৰ " বৰাগী, ভূধৰ ডেকাৰ " খৰিকা-জাই, আৰু কমল কলিতাৰ " সুখৰো আছে হেনো অজস্ৰ দুখ" শীৰ্ষক গ্ৰন্থ চাৰিখন উন্মোচন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা ভিত্তিত কবি সন্মিলন অনুস্থিত হয়। " কল্পদ্ৰুম কাব্যালোচনী"ৰ সম্পাদিকা বিনীতা বৰুৱা দাসৰ সঞ্চালনাত, মুখ্য অতিথি - অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈ আৰু বিশিষ্ট অতিথি অসম কবি সমাজৰ সম্পাদক প্ৰধান ৰাজীৱ কুমাৰ ফুকনৰ উপস্থিতিত অনুস্থিত জিলা ভিত্তিৰ কবি সন্মিলনত জিলা এলেকাধীন প্ৰায় ডেৰ শতাধিক নৱীন-প্ৰৱীন কবিয়ে স্বৰচিত কবিতা আবৃত্তি কৰি মাধৱদেৱ ৰঙ্গমঞ্চৰ সভাগৃহ জীপাল কৰি তোলে। ইফালে অনুস্থানৰ পূৰ্বে অসম সাহিত্য সভাৰ ইতিহাসৰ আধাৰত নিৰ্মিত পদ্মশ্ৰী ডঃ সূৰ্যকান্ত হাজৰিকাৰ দ্বাৰা পৰিচালিত " চিৰ চেনেহী মোৰ ভাষা জননী " শীৰ্ষক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে। ইপিনে অনুস্থান উপলক্ষে পুৱাৰ ভাগত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে মণিকূট সাহিত্য সমাজ, হাজোৰ সভাপতি শ্ৰীপ্ৰকাশ দাসে আৰু স্মৃতি তৰ্পন অনুস্থান অনুস্থিত হয়।
- Log in to post comments
- 12 views