নিউজ ডেস্ক:
ডিব্ৰু মহাবিদ্যালয়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ কর্মীৰ ওপৰত চলোৱা আক্ৰমণক গৰিহণা আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ।ডিব্ৰুগড় শ্বহীদ ভৱনত প্ৰৱেশ কৰি ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত বৰ্বৰ ভাৱে চলোৱা আক্ৰমণত ক্ষোভ প্ৰকাশ কৰিছে সভাপতি গৰাকীয়ে।তেওঁ কয় যে - সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্তৰে বিচাৰ কৰিব লাগে।কাৰ্যালয়ত বিভিন্ন কাম-কাজ কৰি থকা আছু
কৰ্মীক গ্ৰেপ্তাৰ কৰা ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ দলে আছু শ্বহীদ বেদী গছকি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে থানালৈ নি গোটেই নিশা ১৮-২১বছৰীয়া ছাত্ৰসকলক প্ৰহাৰ কৰি তিনিডাল লাঠি ছিঙি দিয়া কাৰ্য কোনো কাৰণত মানি লোৱা নহব।
'কৰ্মীসকলৰ ওপৰত নিৰ্দয় ভাৱে মানসিক বিকাৰগ্ৰস্ত ব্যক্তিৰ দৰে কৰা কাৰ্য তথা আক্ৰমণৰ উচিত বিচাৰ হ'ব লাগিব।ৰাজনৈতিক ব্যক্তিৰ পৰোচনাত অধীক্ষকে এই কাম কৰিছে।আৰক্ষী অধীক্ষকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনায়'- নাথে।
উল্লেখ্য যে ,আছু কৰ্মীক বৰ্বৰ ভাৱে আক্ৰমণ কৰা প্ৰতিবাদত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ১৩ জানুৱাৰীলৈ ইতিমধ্যে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।
- Log in to post comments
- 14 views