নিউজ ডেস্ক:
ৰাজ্যত ক'ভিডৰ নতুন এছ.অ'.পি।২৬ডিচেম্বৰ অৰ্থাৎ দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে নতুন এছ.অ'.পি।নিশা ১১.৩০বজাৰ পৰা পুৱা ৬ বজালৈ সমগ্ৰ ৰাজ্যত বাহাল থাকিব নৈশ কাৰ্ফিউ।কিন্তু ৩১ডিচেম্বৰৰ নিশা প্ৰযোজ্য নহ'ব সান্ধ্য আইন।
অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে শনিবাৰে জাৰি কৰা নতুন এছ অ' পি মৰ্মে ব্যৱসায় প্ৰতিষ্ঠান, হোটেল, ৰেস্তোৰা, ধাবা আদি নিশা ১০.৩০বজালৈ খোলাৰ অনুমতি।
বিভিন্ন ৰাজহুৱা স্থান, সভা-সমিতি সমূহত মুঠ আসনৰ ৫০শতাংশহে উপস্থিত থকাৰ বিপৰীতে ধৰ্মীয় স্থান যিসমূহ ঐতিহ্য প্ৰসিদ্ধ তাত সম্পূৰ্ন ভেকচিন লোৱা ৬০গৰাকী ব্যক্তি প্ৰতি ঘণ্টাত যাব পাৰিব। ৪০ গৰাকী অন্যান্য ধৰ্মীয় স্থানত যাব পাৰিব।
ছবিগৃহসমূহ ৫০শতাংশ আসনৰ দৰ্শকেৰে চলি থাকিব।
এছ অ' পিত উল্লেখ কৰা অনুসৰি ৰাজহুৱা স্থানত মাক্স পৰিধান নকৰিলে ১০০০টকা জৰিমনা।একেদৰে নিয়ম ভংগ কৰিলে দুর্যোগ ব্যৱস্থাপনা আইন-২০০৫ৰ অধীনত বিহা হ'ব শাস্তি।
ৰাজ্য প্ৰশাসনৰ নতুন এছ অ' পি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
- Log in to post comments
- 62 views