নিউজ ডেস্ক:
জ্যেষ্ঠ সাংবাদিক ধীৰুমণি গগৈৰ "নিষিদ্ধ যোদ্ধা:দ্য হিডেন চেপ্টাৰ্ছ" উন্মোচন কৰা হয় ।শুকুৰবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত গ্ৰন্থখন উন্মোচন কৰে লেখিকা ৰীতা চৌধুৰীয়ে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক অনুৰাগ মহন্ত, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰা, সাংবাদিক প্ৰাণজিৎ শইকীয়া।
উল্লেখ্য যে স্বাধীন অসমৰ দাবীত সংগ্ৰাম আৰম্ভ কৰা আলফাৰ প্ৰায় ২০হাজাৰ নেতা সদস্য শ্বহীদ হ'ল। কি পৰিস্থিতিত তেওলোকে প্ৰাণ দিছিল বা কি কাৰণত তেওঁলোকে সশস্ত্ৰ সংগ্ৰামখনত ভৰি থৈছিল এনেবোৰ বহু বাস্তৱ ঘটনা সমৃদ্ধ গ্ৰন্থখন।আলফাৰ হেৰাই যাব খোজা ইতিহাস বুটলি নিষিদ্ধ যোদ্ধা : দ্য হিডেন চেপ্টাৰ্ছত সন্নিৱিষ্ট কৰিছে।
অল ক্লিয়াৰ অপাৰেচনৰ সময়ত ভুটানৰ আলফা শিবিৰত কি হৈছিল।সেইয়া শিবিৰত থকা এজন আলফা সদস্যই লিখি থৈ গৈছিল।ডায়েৰীখনৰ সবিশেষ গ্ৰন্থখনত সন্নিবিষ্ট কৰাৰ লগতে আলফাৰ ইতিহাসত ভয়াৱহ থানা আক্ৰমণ, আলফাৰ গৰাখহনীয়া আৰম্ভ কাহিনী, শ্বিলঙত আটক কৰা ৰুবুল দাসক যোৰাবাটত হত্যাৰ উপৰিও আলফা নেতা অবিনাশ, নৰেনে নিজৰ চিতা নিজেই আদি তথ্য সমৃদ্ধ উপস্থাপন লেখকে গ্ৰন্থ খনত কৰিছে।
উল্লেখ্য যে ,বিগত বৰ্ষত প্ৰকাশিত নিষিদ্ধ যোদ্ধা:দ্য আনটল্ড ষ্টৰীজৰ জৰিয়তে পাঠকৰ মাজত পৰিচিত হৈছিল সাংবাদিক গগৈ।
- Log in to post comments
- 38 views