নিউজ ডেস্ক:
কামৰূপ(ম) জিলাৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ খতিয়ান লবলৈ শুকুৰবাৰে উপায়ুক্ত পল্লৱ গোপাল ঝায়ে জিলা শিক্ষা বিভাগৰ শীর্ষ বিষয়াৰে মিলিত হয় পৰ্যালোচনা সভাত।অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, জিলা বিদ্যালয় পৰিদৰ্শক প্ৰমুখ্যে শীৰ্ষ বিষয়া উপস্থিত থকা সভাত উপায়ুক্তই বিদ্যালয়সমূহৰ আন্তঃগাঠনি, প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ ( মধ্যাহ্ন ভোজন ), আধাৰ কাৰ্ডৰ পঞ্জীয়ন আদিৰ ওপৰত বিশদ পৰ্যালোচনা কৰে।
জিলাখনত যিসমূহ বিদ্যালয়ত পানীযোগান ব্যৱস্থা আৰু ল'ৰা আৰু ছোৱালীৰ পৃথক টয়লেটৰ ব্যৱস্থা নাই সেইসমূহ বিদ্যালয়ত খোৱা পানী যোগানৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে।
ইয়াৰ উপৰিও আধাৰ পঞ্জীয়নৰ কাম জিলাখনত সম্পূৰ্ণ কৰাৰ বাবে তেওঁ জিলা শিক্ষা বিষয়াক নিৰ্দেশ দিয়ে।উপায়ুক্তগৰাকীয়ে কয় -শিক্ষাৰ কোনো বিকল্প নাই। দুখীয়া এজনেও শিক্ষা অৰ্জনৰ জৰিয়তে আৰ্থিক অৱস্থা স্বচ্ছল কৰি তুলিব পাৰে।
দিব্যাঙ্গ ছাত্ৰ-ছাত্ৰীকো শিক্ষাৰে আলোকিত কৰাৰ ক্ষেত্ৰত শিক্ষা প্ৰদানৰ লগতে মৰমৰ প্ৰয়োজন। বেছি শিক্ষক থকা বিদ্যালয়ৰ পৰা প্ৰয়োজনত শিক্ষক নি ঘৰত গৈ দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলক পঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে- উপায়ুক্তই।ছাত্ৰ-ছাত্ৰীৰ পৃথক টয়লেটৰ ব্যৱস্থা নথকা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰাৰ বাবেও নিৰ্দেশ দিয়ে তেওঁ।
- Log in to post comments
- 17 views