নিউজ ডেস্ক:
'নিবনুৱাক চাকৰি দিবলৈ মাতি প্ৰতাৰণা-অপমান কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ক্ষমা খোজক'-দাবী অসম জাতীয় পৰিষদৰ।আজি দলটোৰ মুখ্য কাৰ্যালয়ত অসম চৰকাৰৰ চাকৰি মেলা সন্দৰ্ভত সংবাদমেল আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে নিবনুৱাক প্ৰতাৰণা কৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।ৰাজ্য চৰকাৰে ব্যৰ্থতা ঢাকিবলৈ চেষ্টাৰ কৰিছে।দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি শীঘ্ৰে পদত্যাগ কৰাৰো দাবী জনাইছে গগৈয়ে।ব্যক্তিখত খণ্ডত চাকৰি দিবলৈ আচলতে চৰকাৰী উদ্যোগ ৰ প্ৰয়োজন নাই৷যিসমূহ কোম্পানী বা প্ৰতিষ্ঠানক চাকৰি দিবলৈ নিয়োগ মেলালৈ মাতি নিয়া হৈছে, সেইসমূহে আগৰে পৰাই নিজা নিজা উদ্যোগত প্ৰয়োজনীয় চাকৰি দিয়েই আছে৷চৰকাৰে কৃতিত্ব তেতিয়াহে দাবী কৰিব পাৰিলেহেতেন যদিহে ৰাজ্যৰ বাহিৰৰ বা বৃহৎ কৰ্পোৰেট কোম্পানীক মাতি আনি অসমৰ নিবনুৱাক চাকৰি দিয়াব পাৰিলেহেতেন৷সেয়ে নিয়োগ মেলা পতাৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰি চমক সৃষ্টিৰ বাহিৰে চৰকাৰে আন একো কৰা নাই,লগতে তেওঁ কয়।
'চৰকাৰী নিয়োগ মেলাত হাজাৰ হাজাৰ নিবনুৱাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিয়োগ সৃষ্টি নামত কোটি কোটি টকা খৰচ কৰি থকা স্বত্বেও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই।নিবনুৱা সংস্থাপনৰ বাট দেখুৱাবৰ বাবে কেইবা হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ন কৰা প্ৰধান মন্ত্ৰী কৌশল্য বিকাশ যোঁজনা আচনি আৰু অসম দক্ষতা বিকাশ অভিযান শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷ আঁচনি আৰু অভিযানৰ নামত এতিয়ালৈকে কিমান টকা খৰচ কৰা হ’ল, কোন প্ৰতিষ্ঠানক কিমান টকা আদায় বা আৱন্টন দিয়া হ’ল, আঁচনিৰ অধীনত কিমান নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ল আৰু তাৰে কিমান সংখ্যক সংস্থাপিত হ’ল-এই সমগ্ৰ তথ্য সম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ বাবে গগৈয়ে দাবী জনায়।
“নিয়োগ মেলাৰ ব্যৰ্থতাই প্ৰমাণ কৰে নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি আৰু সংস্থাপনৰ নামত যোৱা ৭ বছৰৰো অধিক সময় কেন্দ্ৰীয় আৰু অসম চৰকাৰে উক্ত আঁচনি ৰূপায়নৰ নামত কেৱল নাটকহে কৰি আহিছে। অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সম্পূৰ্ণ ৰূপে বিফল হৈছে। বৰ্তমান বগা হাতী সদৃশ বিভাগক ৰাজ্য চৰকাৰে ১লাখ চাকৰি দিয়া ভুৱা প্ৰতিশ্ৰুতি ঢাকিবলৈ ব্যৱহাৰ কৰিছে।এনে ধৰণৰ নাটক কৰি সহজ সৰল অসমীয়া ৰাইজক আভুৱা ভাৰিবলৈ চৰকাৰে কোটি কোটি ৰাজহুৱা ধনৰ শৰাধ কৰি আহিছে"- লুৰিনে লগতে কয়।
অসমৰ মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ২০জুলাইৰ দিনা অসম বিধান সভাৰ বাজেট অধিৱেশনত ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি কৰা ঘোষণালৈ আঙুলিয়াই গগৈয়ে কয় বিজেপি দলে বিগত বিধানসভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত পাঁচ বছৰত দুই লাখ আৰু ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷তদুপৰি পাঁচ বছৰত ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত উল্লেখ কৰিছিল।উক্ত প্ৰতিশ্ৰুতি মৰ্মে ৰাজ্য চৰকাৰখনে বৰ্তমানলৈ চৰকাৰী-বেচৰকাৰী উভয় খণ্ডতে কিমান চাকৰি দিলে সেয়া স্বেতপত্ৰ প্ৰকাশৰো এজেপি দলে দাবী জনায়।
উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন জিলাত নিয়োগ মেলাত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতি আঁত ধৰি সভাপতি গৰাকীয়ে কয় "চাকৰি প্ৰাৰ্থীৰ ‘বায়'ডাটা’ক অপমান কৰাৰ দৰে দুৰ্ভগ্যজনক ঘটনা কালি সংঘটিত হোৱাটো লজ্জাজনক।বায়'ডাটাখনৰ সৈতে শিক্ষিত যুৱক-যুৱতীসকলৰ আৱেগ জড়িত থাকে৷ তেওঁলোকৰ সেই আৱেগক অপমান কৰাটো অক্ষমণীয় অপৰাধ৷উক্ত অপৰাধ কৰি ৰাজ্যৰ ২০লক্ষ্যাধিক পঞ্জীকৃত নিবনুৱাক কৰা অপমানৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগে।লগতে ব্যৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক পদত্যাগৰ দাবী জনায়।
- Log in to post comments
- 6 views