নিউজ ডেস্ক:
অসমৰ প্ৰথমগৰাকী কথক নৃত্য শিল্পী তথা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ নৃত্য নিপুন চাৰু বৰদলৈৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন।
অহা ৩১ডিচেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত চাৰু বৰদলৈ ফাউণ্ডেশ্যনে শিল্পী গৰাকী জন্ম শতবাৰ্ষিকী আয়োজন কৰিছে।এই কথা শুকুৰবাৰে এক সংবাদমেলত ঘোষণা কৰে ফাউণ্ডেশ্যনে।
ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক তথা প্ৰয়াত শিল্পী গৰাকীৰ নাতি চিৰঞ্জীৱ বৰদলৈয়ে জানিব দিয়া মতে জন্ম শতবাৰ্ষিকীত বহুমুখী প্ৰতিভাধৰ শিল্পী গৰাকীৰ আত্ম জীৱনী "মাই লাইফ এণ্ড আৰ্ট ডিভাইন" আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হ'ব।
জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী বিমল বৰা, পদ্মশ্ৰী যতীন গোস্বামী, সংগীত নাট একাডেমী বঁটা প্ৰাপ্যক ডঃ অমিয় মোহন দাস, ৰামকৃষ্ণ তালুকদাৰ, শিল্পী লোকনাথ গোস্বামী প্ৰমুখ্যে বহুসংখ্যক সন্মানীয় ব্যক্তি।
উল্লেখ্য যে জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি ফাউণ্ডেশ্যনে কথক, সত্ৰীয়া আৰু ভাৰতনাট্যম নৃত্যৰ অনলাইন প্ৰতিযোগিতা আয়োজন কৰিছিল।উক্ত দিনাখনে অনলাইন প্ৰতিযোগিতা ফলাফল ঘোষণা কৰা লগতে বিজয়ী প্ৰতিযোগিক পুৰস্কৃত কৰিব বুলি জানিব দিয়ে।
গুৱাহাটী সংবাদমেলত উপস্থিত থাকে কথক নৃত্যবিদ বিপুল দাস প্ৰমুখ্যে ফাউণ্ডেশ্যনৰ বহুকেইজন সদস্য।
- Log in to post comments
- 26 views