বক্সাৰ লাভলীনাৰ ওপৰত লিখিত প্ৰথমখন গ্ৰন্থ 'খেলৰত্ন লাভলীনা' উন্মোচন

A

 

নিউজ ডেস্ক:
অসম গৌৰৱ অলিম্পিক বিজয়ী  বক্সাৰ লাভলীনা বৰগোঁহাইৰ ওপৰত লিখিত প্ৰথমখন গ্ৰন্থ উন্মোচন। 'খেলৰত্ন লাভলীনা' (বাৰমুখীয়াৰ পৰা টকিঅ'লৈ) শীৰ্ষক গ্ৰন্থখন বৃহস্পতিবাৰে গুৱাহাটী নেহেৰু ষ্টেডিয়ামত শুভ উন্মোচন কৰা হয়।বিশিষ্ট লেখক দেৱজিৎ ফুকনে লিখি উলিওৱা গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বক্সাৰ লাভলীনা বৰগোঁহাই।অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰা গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, নিতুমনি শইকীয়া, প্ৰানজিৎ শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

টকিঅ' অলিম্পিক জয়ী লাভলীনাৰ উত্থান পতনৰ সকলো দিশ সামৰি লৈছে গ্ৰন্থখনত।

গোলাঘাট বাৰমুখীয়াৰ পৰা বক্সিংৰ যাত্ৰা আৰম্ভ কৰি লাভলীনাই বিশ্ব জয়ৰ সপোন লৈ টকিঅ' অলিম্পিকত লাভ কৰা কৃতিত্বৰ বিষয়ে সুন্দৰ ভাৱে উল্লেখ আছে কিতাপখনত।কিতাপখনে অসমৰ যুৱ প্ৰজন্মৰ লগতে লুকাই থকা ক্ৰীড়া প্রতিভাসমূহক নিজৰ সৰ্বোচ্চ প্ৰদৰ্শন দাঙি ধৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ অনুপ্ৰাণিত কৰিব বুলি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী বিমল বৰাই কয়।

Your Comments