হাজোৰ ৰামদিয়াত পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

A

নিউজ ডেস্ক: 
বিনন্দি চন্দ্ৰ মেধি মহাবিদ্যালয়, ৰামদিয়াৰ ইংৰাজী বিভাগ আৰু নতুন সাহিত্য পৰিষদ,ৰামদিয়া শাখাৰ যৌথ উদ্যোগত সাহিত্য কাণ্ডাৰী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে কালি আয়োজন কৰা আলোচনা চক্ৰৰ সফল সামৰণি পৰে। বি চি এম মহাবিদ্যালয়, ৰামদিয়াৰ অধ্যক্ষ ড: অসিত পালৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰে হাজো সুৰেণ দাস মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক বিশ্বজিৎ কলিতাই। আলোচনা চক্ৰখনত বক্তা হিচাপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড: নুৰুল ইছলামে পদ্মনাথ গোহাঞি বৰুৱা আধুনিক অসমীয়া জাতীয় জীৱনৰ এগৰাকী প্ৰাত:স্মৰণীয় ব্যক্তি আছিল বুলি উল্লেখ কৰি অসমীয়া  ভাষা- সাহিত্য- সংস্কৃতিৰ বাহক পদ্মনাথ গোহাঞি বৰুৱা এগৰাকী বিশেষ  ব্যক্তিত্বৰ অধিকাৰী আছিল বুলিও ব্যক্ত কৰে অধ্যাপক গৰাকীয়ে। বৰক্ষেত্ৰী জুনিয়ৰ মহাবিদ্যালয়ৰ  প্ৰৱক্তা পৰীক্ষিত বৈশ্যই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি পৰীক্ষাৰ ফলাফল বেয়া হলে হতাশ নহবলৈ ছাত্র ছাত্ৰী সকলক আহ্বান জনাই এইক্ষেত্ৰত পদ্মনাথ গোহাঞি বৰুৱাৰ শিক্ষা জীৱনৰ ওপৰত আলোকপাত কৰিলে ছাত্র ছাত্ৰী সকল যথেষ্ট উপকৃত হ'ব বুলি ভাষণৰ জৰিয়তে বুজাই দিয়ে। আলোচনা চক্ৰৰ সঞ্চালক তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড:অসিত পালেও সম্প্ৰতি পদ্মনাথ গোহাঞি বৰুৱাৰ দৰে একোগৰাকী সাহিত্য কাণ্ডাৰীৰ জীৱন বৃত্তান্ত   ভৱিষ্যত প্ৰজন্মৰ ওচৰত আলোকপাত কৰাটো নিত্যান্তই প্ৰয়োজনীয় বুলি উল্লেখ কৰি এনে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা বাবে বি চি এম মহাবিদ্যালয়ৰ  ইংৰাজী বিভাগ আৰু নতুন সাহিত্য পৰিষদ ,ৰামদিয়া শাখাৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনায়।বি চি এম মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰধান অধ্যাপক ললিত চন্দ্ৰ ভৰালী আৰু নতুন সাহিত্য পৰিষদ ৰামদিয়া শাখাৰ সম্পাদক সঞ্জীৱ দাসে আতধৰা আৰু শলাগৰ শৰাই আগবঢ়োৱা সভাত মহাবিদ্যালয় খনৰ অধ্যাপক -অধ্যাপিকা -ছাত্র ছাত্ৰীৰ লগতে ভালেসংখ্যক সাহিত্য প্ৰেমীয়ে আলোচনা চক্ৰত অংশগ্ৰহণ কৰে।

Your Comments