পাঠদান ব্যাহত নোহোৱাকৈ প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ বিদ্যালয়ে বিদ্যালয়ে প্ৰাপ্যৰ প্ৰতিবাদ

A

 

B

নিউজ ডেস্ক:

প্ৰাপ্যৰ দাবীৰে আজি ৰাজ্যজুৰি প্ৰতিবাদ প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ।সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ আহ্বানত ছাত্ৰ-ছাত্ৰীৰ পাঠদান ব্যাহত নোহোৱাকৈ শিক্ষকসকলে সাব্যস্ত কৰে ব্যক্তিক্ৰমী প্ৰতিবাদ।

নিজ নিজ বিদ্যালয়ত পাঠদান বিৰতিৰ সময়তে শিক্ষকসকলে হাতে-হাতে তেওঁলোকৰ দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য যে শিক্ষকসকলৰ বিগত ৩০মাহে বন্ধ থকা প্ৰাপ্য ১৯শতাংশ মৰগীয়া ব'নাচ শীঘ্ৰে মুকলি কৰাৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ।

ইয়াৰ উপৰিও ২০১২চনতে নিযুক্তি লাভ কৰা শিক্ষকসকলে নিয়মীয়া শিক্ষকৰ সমমৰ্য্যদা লাভ কৰা নাই ।সমান কামৰ সমান মৰ্যদা প্ৰদান কৰাৰো দাবী জনায়।

উল্লেখ্য যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়ত নিয়োজিত  থকা শিক্ষকসকলে সামাজিক মাধ্যমৰ জৰিয়তে তেওঁলোকৰ দাবী সমাধানত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে।

Your Comments