অসম-মেঘালয় সীমা সমস্যাক লৈ কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক

A

B

নিউজ ডেস্ক:
অসম-মেঘালয় সীমা সমস্যাক লৈ কইনা ধৰাৰ ৰাজ্যিক অতিথিশালাত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক।সীমা বিবাদ মীমাংসাৰ বাবে দুয়ো ৰাজ্যই প্ৰচেষ্টা আগবঢ়াই আহিছে যদিও এইপৰ্যন্ত মীমাংসালৈ আহিব পৰা নাই দুয়োখন ৰাজ্যই৷
এই উদ্দেশ্যকে সাৰোগত কৰি কালি মেঘালয়ৰ মাননীয় মুখ্যমন্ত্রী কনৰাড চাংমা আৰু মাননীয় উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনছং তথা দুয়োখন ৰাজ্যৰ আন কেইবাগৰাকীও মাননীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ সৈতে এখন কইনাধৰাত এখন বৈঠক অনুষ্ঠিত কৰা হয় । কেইদিনমান পূৰ্বে কামৰূপৰ লাম্পিত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই লাম্পিবাসীক সীমা সমস্যাৰ আশ্বাস দিছিল৷
উল্লেখ্য যে , মেঘালয়ে গোৱালপাৰাত ৩৩.৮১৫৬ হেক্টৰ, কাচাৰত ৬০২.০১১৭ হেক্টৰ, কামৰূপত ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাচৰত ৩.৩৫০৫ হেক্টৰ, পশ্চিম কাৰ্বি আংলঙত ২ হাজাৰ স্কোৱেৰ মিটাৰ ভূমি দখল কৰি ৰাখিছে৷

Your Comments