আছুৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা শিল্পী খগেন গগৈলৈ

A

নিউজ ডেস্ক:

সদৌ অসম ছাত্ৰ সন্থাই ২০২১বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা ঘোষণা কৰে ।গোৱালপৰীয়া লোকগীতৰ ৰাণী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটাৰ বাবে নিৰ্বাচিত হৈছে লোক কৃষ্টি সাধক শিল্পী খগেন গগৈ।অসমৰ লোককৃষ্টি সংৰক্ষণ আৰু প্ৰসাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক প্ৰতিবছৰে আছুৱে প্ৰদান কৰি আহিছে এই বঁটা।

আছু কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কয়- "২৭ডিচেম্বৰত শিল্পী গৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটী চান্দমাৰী শ্বহীদ উদ্যানত থকা প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত আনুষ্ঠানিক ভাৱে গগৈক এই বঁটা প্ৰদান কৰা হ'ব" ।

Your Comments