নিউজ ডেস্ক:
যোৰহাটৰ মাজ মজিয়াত দিন দুপৰতে সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ ল’বলৈ যোৰহাটত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং।
তেওঁ কয় যে, অনিমেষ হত্যাকাণ্ডৰ দোষী যাতে ৰক্ষা পৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ২০২২ বৰ্ষৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে এখন কঠোৰ অভিযোগনামা দাখিল কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।ইতিমধ্যে পৰ্যাপ্ত সাক্ষী, প্রমাণ আৰক্ষীয়ে লাভ কৰিছে বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে।আনহাতে , যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চিদানন্দ বৰাক শাস্তিমূলক বদলি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
- Log in to post comments
- 22 views