গৰাখহনীয়া ৰোধৰ দাবীত আছুৰ প্ৰতিবাদ

A



নিউজ ডেস্ক:
  চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি স্থানীয় ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গৰাখহনীয়া ৰোধৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ, লৈ বান-গৰাখহনীয়া ৰোধ কৰক,বান গৰাখহনীয়াৰ স্থায়ী সমাধান কৰক,ৰাজ্য চৰকাৰৰ হায় হায়, জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা গ’ বেক,স্থানীয় বিধায়ক অতুল বৰা মুর্দাবাদ আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ ।
উল্লেখ্য যে, গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ বিভিন্ন অঞ্চলত বিগত প্ৰায় এমাহৰ অধিক কাল বাপ্যাক হাৰত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখনীয়া সংঘটিত হৈ আহিছে । বিশেষকৈ চন্দ্ৰপুৰৰ তাঁতীমাৰা গাৱঁত হেজাৰ হেজাৰ বিঘা কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে । আনহাতে ,চন্দ্ৰপুৰ, কাজলী চকী, হাতীশিলা, হাজংবাৰী আদি অঞ্চলত গৰাখনীয়া সংঘটিত হৈ আছে ।সেয়েহে গৰাখহনীয়া অতি শীঘ্ৰে ৰোধ কৰাৰ দাবী তুলিছে ছাত্ৰ সন্হাই ।


Your Comments