নিউজ ডেস্ক:
গুৱাহাটীৰ সৰুমটৰীয়া নিৱাসী বিশিষ্ট চিকিৎসক তথা কবি ডাঃ লোহিত কুমাৰ চৌধুৰীৰ বিয়োগ।সোমবাৰে দিনৰ ১১.২০ বজাত বাৰ্ধক্যজনিত কাৰণত বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে ডাঃ চৌধুৰীৰ।
উল্লেখ্য যে, ১৯৩০ চনত ভৱানীপুৰত জন্মগ্রহণ কৰিছিল চৌধুৰীয়ে।ডাঃ চৌধুৰীয়ে সৰুপেটা হাইস্কুলৰ পৰাৰ সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্রথম বিভাগত উত্তীৰ্ণ হয়।
ডিব্রুগড় মেডিকেল কলেজৰ পৰা ১৯৫৮বৰ্ষত এম বি বি এচ ডিগ্ৰী লাভ কৰি চিকিৎসা সেৱাত ব্রতী হয়।সৰভোগ, বৰপেটা, নগাঁও, বিশ্বনাথ চাৰিআলি, তেজপুৰ, মঙলদৈ, নলবাৰী, হাফলং, গুৱাহাটী আদি বিভিন্ন স্থানত চিকিৎসক হিচাপে দায়িত্ব পালন কৰে।
স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক পদতো অধিষ্ঠিত আছিল ডাঃ চৌধুৰী।
চিকিৎসাসেৱাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাতো চৌধুৰীৰ দখল আছিল।তেওঁৰ একাধিক কবিতা আলোচনীত প্রকাশ হোৱাৰ লগতে গ্রন্থ আকাৰেও প্রকাশ হৈছে।
চৌধুৰীয়ে মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ-বোৱাৰী, নাতিকে ধৰি আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
- Log in to post comments
- 9 views