সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন

A


নিউজ ডেস্ক:
সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । এই অধিৱেশনত সদনত উত্থাপিত হ’বলগীয়া ১৫ খন সংশোধনী বিধেয়কৰ ভিতৰত আছে গো-সুৰক্ষা আইনৰো এখন সংশোধনী বিধেয়ক ।
উল্লেখ্য যে , ক'ভিড প্ৰট'ক'লৰ মাজেৰে অধিৱেশন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিধানসভা সচিবালয়ে । অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ ২৩ ডিচেম্বৰত সদনত গৃহীত কৰা হ’ব আটাইকেইখন বিধেয়ক।
উল্লেখযোগ্য যে, কেৱল অসমতেই নহয় সমগ্ৰ দেশজুৰি গো-সুৰক্ষা আইনক লৈ বিশেষ চৰ্চা চলি আছে ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এই আইনখনৰ সমৰ্থনত প্ৰকাশ কৰিছে বিশেষ সৰৱতা।

Your Comments