নিউজ ডেস্ক:
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা।ইৰাণী গ্ৰুপৰ গ্ৰেপ্তাৰিত সদস্যক এনকাউণ্টাৰ দিছপুৰ আৰক্ষীৰ।
মহানগৰীৰ পাঞ্জাবাৰীত শুকুৰবাৰে নিশা আৰক্ষীয়ে এনকাউণ্টাৰ কৰে দুধর্ষ ইৰাণী গ্রুপৰ সদস্য অমৰ গোৱালাক।তদন্তৰ বাবে আৰক্ষীয়ে লৈ যোৱাৰ সময়তে দুধৰ্ষ ইৰাণী গ্ৰুপৰ সদস্য গৰাকী পলাবলৈ লয় আৰু ভৰিত গুলিয়াই দিছপুৰ আৰক্ষীয়ে।
শুকুৰবাৰে দিনৰ ভাগত লাখটকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল গোৱালাক।
উল্লেখ্য যে ১৫ ডিচেম্বৰত দিছপুৰ চুপাৰ মাৰ্কেটত পৌৰ নিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমৰ গোৱালা।ঝাৰখণ্ডৰ পৰা আহিছিল চাৰি জনীয়া ইৰাণী গ্ৰুপৰ এটা দল।দুখন বাইকত আহিছিল চাৰিজন যুৱক।পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ধন।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ৩ লাখ ৩৫হাজাৰ টকা লুট কৰিছিল দলটোৱে।
ইফালে পলাতক তিনিজনক বিচাৰি আৰক্ষীৰ অভিযান অব্যহত।
আনহাতে গুলীবিদ্ধ অমৰক ভৰ্তি কৰোৱা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।চিকিৎসালয় খনৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জানিবলৈ দিয়া মতে-মাজ নিশা প্ৰায় ১.৩০ বজাত ভৰ্তি কৰে গোৱালাক।সোঁ-ভৰিত গুলীবিদ্ধ অভিযুক্ত গৰাকীৰ ভৰিৰ দুডালকৈ হাড়ত আঘাত প্ৰাপ্ত হৈছে।
বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে।চিকিৎসকৰ পৰামৰ্শৰ পাছতে জিম্মাত ল'ব দিছপুৰ আৰক্ষীয়ে।তেওঁ জানিব দিয়া অনুসৰি ১০-১৫ দিন চিকিৎসালয়ত ৰখা হ'ব লোক জনক।
- Log in to post comments
- 10 views