নিউজ ডেস্ক:
শুকুৰবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা সিদ্ধান্ত।বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ- নিযুক্তি আৰু পুনৰ পদবীকৰণ বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১৩৯১টা পদত নিযুক্তিৰ সিদ্ধান্ত।য'ত তৃতীয় বৰ্গ ১০৪০টা, চতুৰ্থ বৰ্গ ৩৭৭টা আৰু ১০টা ড্ৰাইভাৰৰ পদ আছে।
প্ৰাথমিক আৰু মাধ্যমিক খণ্ডৰ চৰকাৰী প্ৰাদেশিকৃত আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠান পৰিচালিত বিদ্যালয়ত অতিথি শিক্ষক নিযুক্তিৰ সিদ্ধান্ত।অতিথি শিক্ষকৰ নিৰ্ধাৰিত সেৱাৰ সময়সীমা এটা শিক্ষাবর্ষ।
অতিথি শিক্ষক নিযুক্তি প্ৰাক্তন শিক্ষাৰ্থী কোষ আৰু বেচৰকাৰী সংস্থাৰ দ্বাৰা নিয়োগ কৰা হ'ব।
ইয়াৰ ওপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় (সংশোধনী) বিধেয়ক-২০২১ৰ বিধিত অনুমোদন।
চৰকাৰী বিভাগত তৃতীয়- চতুৰ্থ বৰ্গত নিযুক্তিৰ বাবে উমৈহতীয়া পৰীক্ষা।'অসম প্ৰত্যক্ষ নিযুক্তি আয়োগ তৃতীয় আৰু চতুৰ্থ বৰ্গ আইন' ২০২১ বিধেয়কৰ অনুমোদন।
ইয়াৰ উপৰিও কেবিনেটত লোৱা হয় বহুকেইটা সিদ্ধান্ত।
- Log in to post comments
- 231 views