নিউজ ডেস্ক:
অসম ক্ৰিকেট সন্থাৰ গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক শুকুৰবাৰে হাজিৰ কৰোৱা হয় কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ বুঢ়াগোহাঁইক প্ৰেৰণ কৰে।উল্লেখ্য যে বিত্তীয় খেলি-মেলি সংক্ৰান্তীয় গুৰুতৰ অভিযোগত বৃহস্পতিবাৰে পুৱতি নিশা ডিব্ৰুগড় টিংখাঙৰ বাসগৃহৰ পৰা মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।ফটাশিল থানাত অসম ক্রিকেট সন্থাই দাখিল কৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল।৮১৭/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হোৱা প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি১২০(খ),৪০৬, ৪০৯, ৪২০, ৪৬৯, ৩৪ ধাৰা সংলগ্ন কৰিছে আৰক্ষীয়ে।
২০১৬-১৯ বৰ্ষলৈ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত সম্পাদক গৰাকীয়ে অসম ক্ৰিকেট সংস্থাত বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে।
নিবিদা অবিহনে ৰঙৰ কাম, অনুশীলন ফিল্ডত মাটি পেলোৱা, ছিট নাম্বাৰিঙৰ নামত বৃহৎ পৰিমাণৰ ধন হৰলুকীৰ লগতে বৰ্ষাপাৰা খেল পথাৰ আন্তঃগাঁথনি নিৰ্মাণৰ নামত বৃহৎ পৰিমাণৰ পুঁজি আত্মসাতৰঅভিযোগ আছিল।
উল্লেখ্য যে বৰ্তমানৰ অসম ক্রিকেট সংস্থাই জামছেদ খানৰ নেতৃত্বত গঠন কৰি দিয়া কমিটিয়ে প্ৰথম পোহৰলৈ আনিছিল কেংলেকাৰীৰ তথ্য।তাৰ ভিত্তিতে এ.চি.এ দাখিল কৰিছিল এজাহাৰ।
ইফালে অভিযোগ অনুসৰি প্ৰাক্তন সম্পাদক জনে পুত্ৰৰনামত ৪২টাকৈ বিমানৰ টিকট ক্ৰিকেট সংস্থা পৰা লৈছিল।
প্ৰাক্তন সম্পাদক গৰাকীৰ তিনি বছৰীয়া কাৰ্যকালত প্ৰায় ৬৫ কোটি টকা কাম হৈছিল।ইয়াৰে ১০কোটি টকা খেলি-মেলি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।
আনহাতে বিশেষ সূত্ৰৰ খবৰ মতে বুঢ়াগোহাঁইৰ উপৰিও আৰু অন্য বহুকেইজন ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 10 views