ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত ৫ৰাজ্যৰ ৪০টা গোচৰৰ ৰাজহুৱা শুনানি সম্পন্ন:২০.৫০ লাখ টকা ক্ষতিপূৰণৰ নির্দেশ

A

নিউজ ডেস্ক:


খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গুৰুত্বপূৰ্ণ সংবাদমেল।৪০টা গোচৰৰ ৰাজহুৱা শুনানি সন্দৰ্ভত পৰিষদে সম্বোধন কৰে সংবাদমেল।১৫-১৬ ডিচেম্বৰ তাৰিখে দুদিনীয়াকৈ খানাপাৰাত মানৱ অধিকাৰ আয়োগে ৪০টাকৈ গোচৰৰ ৰাজহুৱা শুনানি গ্ৰহণ কৰে ।অসম, অৰুণাচল প্ৰদেশ, চিকিম,  মিজোৰাম, নাগালেণ্ড এই পাঁচখন ৰাজ্যৰ মানৱ অধিকাৰ উলংঘন সম্বন্ধীয় গোচৰসমূহৰ শুনানি গ্ৰহণ কৰে।

ৰাজহুৱা শুনানিৰ অন্তত আয়োগে মুঠ ২০.৫০ লাখ টকা ক্ষতিপূৰণ প্ৰদানৰ নিৰ্দেশ দিয়ে ৫খন ৰাজ্যৰ চৰকাৰক।

সংবাদমেলত আয়োগে প্রকাশ কৰা অনুসৰি ৰাজহুৱা শুনানি অনুষ্ঠিত মুঠ ৪০টা গোচৰৰ ২৩টা অসমৰ, ১৩টা মণিপুৰৰ, ১টা অৰুণাচল আৰু ৩টা নাগালেণ্ডৰ।

শুনানিৰ অন্তত তিনিচুকীয়া জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিলৈ ৩লাখ টকা, অৰুণাচল প্ৰদেশ চাংলাং জিলাৰ একাউণ্টাৰত মৃত ব্যক্তিলৈ ৩লাখ টকা, মণিপুৰৰ ইম্ফল(পূব) জিলাত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ব্যক্তিলৈ ৫লাখ টকা, নাগালেণ্ডৰ মন জিলাত মৃত্যু হোৱা ব্যক্তিলৈ ৪.৫ লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰা নিৰ্দেশ দিছে।

শুকুৰবাৰৰ সংবাদমেলত মানৱ অধিকাৰ আয়োগে শেহতীয়াকৈ নগালেণ্ডৰ মন জিলা সংঘটিত বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভতো নিজাববীয়াকৈ গোচৰ লোৱা বুলি জানিব দিয়ে।সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে এছ আই টি।এছ আই টিৰ প্ৰতিবেদনৰ পিছতে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি কয়।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলত দীৰ্ঘ দিনে প্ৰযোজ্য হৈ থকা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ সন্দৰ্ভত আয়োগে কয়-যদি পৰিবেশ ভাল হৈছে তেন্তে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ওপৰত চৰকাৰে বিচাৰ কৰিব লাগে।

শেহতীয়া ভাৱে গৰুখুঁটি উচ্ছেদৰ ঘটনা উচ্চ ন্যায়ালয়ৰ শুনানিৰ পিচতে আয়োগে নিজাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে সংবাদ মেলত।

Your Comments