নিউজ ডেস্ক:
ৰাজ্যত পৌৰ সভাৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দাবী পূৰণ নকৰিলে অহা ফেব্ৰুৱাৰী ২০২২ ৰ পৰা অসমজুৰি কাম বন্ধ কৰাৰ হুংকাৰ সদৌ অসম চাফাই কৰ্মীৰ।
লংকাৰ পৌৰ সভাৰ কাৰ্য্যলয়ত দাবী সম্পৰ্কীয় স্মাৰক পত্ৰ প্ৰদান কৰি এই মন্তব্য সদৌ অসম চাফাই কৰ্মী অনুসূচীত জাতি ছাত্ৰ সংস্হাৰ সভাপতি ভীম বাস্ফৰৰ।
দাবী সমূহ ক্ৰমে চাফাই কৰ্মী সকলক বেলেগকৈ থাকিবৰ বাবে মাটিৰ ব্যৱস্থা কৰা, মাহেকীয়া মাছুল বৃদ্ধি কৰা, পুৰণি কৰ্মত নিয়োজিত লোকসকলক স্হায়ী ভাবে কৰ্মসংস্হাপন দিয়া আৰু নতুন লোকক পুনৰ কৰ্মসংস্হাপন দিয়া ।
চৰকাৰে উক্ত দাৱীসমূহ পূৰণ নকৰিলে অসমজুৰি থকা প্ৰায় ১০ হাজাৰ চাফাই কৰ্মীয়ে একেলগে কৰ্মবিৰতি ঘোষণা কৰাৰ হুংকাৰ।
লগতে অসমৰ ২৮ খন জিলাৰ পৌৰ সভাৰ কাৰ্য্যলয়ত ইতিমধ্যে উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ দিয়া হৈছে বুলি জনায় চাফাই কৰ্মীৰ ৰাজ্যিক সভাপতি ভীম ভাস্ফৰে।
- Log in to post comments
- 20 views