নিউজ ডেস্ক:
আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডি.আই.জি ৰৌনক আলি হাজৰিকাৰ পুনৰ জামিন আবেদন নাকচ আদালতৰ।দ্বিতীয় বাৰলৈ জামিন আবেদন নাকচ হাজৰিকাৰ।
উল্লেখ্য যে ,মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ ০৬/২১নম্বৰ গোচৰৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰে আদালতে।
গুৰুত্বপূৰ্ণ কথা এই যে, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আৰক্ষী বিষয়া গৰাকীৰ পূৰ্বে জামিন নাকচ কৰিছিল বিশেষ ন্যায়াধীশৰ আদালতে।বিশেষ ন্যায়াধীশ আদালতক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়েও নাকচ কৰে জামিন।
- Log in to post comments
- 9 views