ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে বৃহৎ ভূমি কেলেংকাৰী তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ

A
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উঠা বৃহৎ ভূমি কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উথ্থাপন কৰে অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীয়ে ৷
বুধবাৰে এই সন্দৰ্ভত কামৰূপ জিলাৰ জিলা উপায়ুক্তক এখন অভিযোগ পত্ৰ প্ৰদান কৰে পৰিষদে । অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি, ২০০৬-০৭ চনত ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ নামত পঞ্জীয়ন হোৱা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ এলেকাৰ নমলী জলাহ গাঁৱৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা ১৭ বিঘা ২ কঠা ৫ লেচা আৰু পলাশবাৰী ৰাজহ চক্ৰ এলেকাৰ বঙৰা গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ পৰা ১১ বিঘা ৩ কঠা ৪ লেচা ভূমি ক্ৰয় কৰিছিল ৷ উক্ত দুয়োটা স্থানৰ ভূমিখিনি উক্ত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক চৰকাৰীভাৱে আৱন্টন দিয়া হৈছিল ৷ কিন্তু উক্ত ভূমি আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত মাটিখিনি ৰিণিকি ভূঞাৰ কোম্পানীয়ে ক্ৰয় কৰি লয় ৷
ইয়াৰ বিৰুদ্ধে তদন্ত কৰাৰ বাবে অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীয়ে কামৰূপ জিলাৰ জিলা উপায়ুক্তক দাবী জনায় । অসম জাতীয় পৰিষদৰ কামৰূপ জিলা কমিটীৰ তৰফৰ পৰা কামৰূপ জিলাৰ জিলা উপায়ুক্তক অভিযোগ পত্ৰ প্ৰদান কৰি পৰিষদৰ সভাপতি সঞ্জীৱ মহন্তই ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় ।

Your Comments