দীৰ্ঘবছৰৰ অন্তত বৰাজোল চ'কৰ পৰা ভিঠালৈ যোৱা পথছোৱা নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি

A

নিউজ ডেস্ক:

 ঘগ্ৰাপাৰত ধান বিক্ৰী কেন্দ্ৰ,বৰাজোলত এপাৰ্টৰ দ্বাৰা বজাৰ স্থাপন আৰু ঘগ্ৰাপাৰকে ধৰি ইয়াৰ পাৰ্শ্বৱতী এটা বৃহৎ অঞ্চলক অহা ৫ বছৰৰ ভিতৰত পৌৰসভা এলেকালৈ ৰূপান্তৰিত কৰা হ'ব।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোল অঞ্চলৰ  এটি গুৰুত্বপূৰ্ণ পথৰ  নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি আজি বিধায়ক জয়ন্ত মল্ল বৰুৱাই এইদৰে কয়।

বিধায়কগৰাকীয়ে অঞ্চলটোত মেডিকেল কলেজ,অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন হোৱাটো ঘগ্ৰাপাৰবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি আঙুলিয়াই দিয়ে। প্ৰায় ৩.৮৬ কৌটি ব‍্যয় সাপেক্ষে লোক নিৰ্মাণ বিভাগ (পথ)ৰ দ্বাৰা বৰাজোল চ'কৰ পৰা ভিঠালৈ যোৱা পথছোৱা নিৰ্মাণ কাৰ্যৰ দ্বাৰা অঞ্চলটো যাতায়ত-যোগাযোগৰ দীৰ্ঘদিনীয়া সমস্যা আঁতৰ হব বুলি আশা প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে নিজৰ ভাষণত এছ ও পি আঁচনিৰ অধীনত  নিৰ্মাণ হবলগা পথছোৱাত যাতে কোনো দুৰ্নীতি-অনিয়ম নহয় তাৰ বাবে ৰাইজক চোকা নজৰ ৰাখিবলৈ আহ্বান জনায়।

বিধায়কগৰাকীয়ে ভাষণত কয় যে বৃহত্তৰ অঞ্চলটোৰ দুখীয়া কৃষকসকলৰ উন্নয়ন সাধনাৰ অৰ্থে আগন্ত দিনত ঘগ্ৰাপাৰ এফ চি আইৰ অধীনত এটা ধান বিক্ৰী কেন্দ্ৰ স্থাপন আৰু বৰাজোলত এপাৰ্টৰ জড়িত এখন বজাৰ স্থাপনৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱা বুলি সদৰী কৰে।

লগতে বিধায়কগৰাকীয়ে ভাষণত ইয়াকো কয় যে-পথ নিৰ্মাণৰ কাম পলমকৈ অথবা সময়ত কাম নকৰা যিকোনো ব‍্যাক্তিয়ে জেল যাব লাগিব,যদিও ঠিকাদাৰক কাম কৰাৰ বাবে ৰাইজে পৰিৱেশ  দিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত সাত মাহ অধিক উন্নয়ন কাম কৰা বুলি দাবী কৰে।উক্ত অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, ঘগ্ৰাপাৰ ৰাজহ চক্ৰ বিষয়া মণিষা কলিতা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,১৪ নং পূৱ বনভাগ গাঁও পঞ্চায়তৰ সভাপতি নমিতা ৰাজবংশী,কাউন্সিলাৰ  মণিকা ভৰালী, নলবাৰী লোক নিৰ্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰীকে ধৰি ভালেসংখ্যক নেতা-কৰ্মী আৰু ৰাইজে অংশগ্ৰহণ কৰে।অনুষ্ঠানটিৰ আঁত ধৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সম্পাদক বুবুল দাসে।

Your Comments