নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানত ক'ৰনাৰ গণ সংক্ৰমণ।ইখনৰ পিছত সিখন শিক্ষানুষ্ঠানত ধৰা পৰিছে ক'ৰনাত আক্রান্ত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক কৰ্মচাৰী।গুৱাহাটী বিশ্ববিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয়ৰ পিছত বুধবাৰে পুনৰ দিছপুৰ মহাবিদ্যালয়ত ধৰা পৰিছে ক'ৰনা আক্রান্ত।মহাবিদ্যালয়খনত বাতৰি লিখা পৰলৈ ৬গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষকৰ দেহত ক'ৰনাৰ উপস্থিতি ধৰা পৰিছে।জিলা প্ৰশাসনে উচ্চ শিক্ষানুষ্ঠানখনত ক'ভিড পৰীক্ষা অব্যাহত ৰাখিছে।
প্ৰাপ্ত খবৰ মতে ৬গৰাকী আক্রান্তৰ ভিতৰত ৫গৰাকী শিক্ষাৰ্থী আৰু ১ জন শিক্ষক।
তাৎপৰ্যপূৰ্ণ কথা এই যে , শিক্ষানুষ্ঠানখনত ক'ৰনা আক্রান্ত ধৰা পৰাত অধিক চিন্তিত হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।
উল্লেখ্য যে মঙলবাৰে বি.বৰুৱা মহাবিদ্যালয়ত ধৰা পৰিছিল ক'ৰনা আক্রান্ত।
- Log in to post comments
- 9 views