নিউজ ডেস্ক:
মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ দাবীৰে বুধবাৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী।উজানবজাৰৰ শ্বহীদ ন্যাসৰ পৰা লতাশিললৈ আছু কৰ্মীসকলে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ দাবীত এক প্ৰতিবাদী ৰেলী বাহিৰ কৰে।
বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰা অসম চৰকাৰ হুচিয়াৰ , গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীক লৈ ভুৱা প্ৰতিশ্ৰুতি দিয়া বন্ধ কৰক, গুৱাহাটী পৌৰ নিগম হায় হায় আদিৰ বিভিন্ন শ্লোগান প্ৰদান কৰে আছুকর্মী প্ৰতিবাদকাৰীসকলে।
উল্লেখ্য যে প্ৰতিবাদী আছুকর্মীৰ সকলে বাহিৰ কৰা ৰেলীত খালি বাল্টি, কলহ, আদি প্রদর্শন কৰে।
প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বই কয়- খোৱাপানীৰ বাবে হাহাকাৰ কৰি আহিছে মহানগৰবাসীয়ে।বিশুদ্ধ খোৱাপানী যোগানত ব্যৰ্থ হৈছে চৰকাৰ।চৰকাৰ আহিছে গৈছে। অগপ-কংগ্ৰেছ-বিজেপি প্ৰতিখন চৰকাৰে মহানগৰবাসীক খোৱা পানীৰ নামত ভুৱা প্ৰতিশ্ৰুতি দি আহিছে।যাৰ বাবে আজি পৰ্যন্ত বিশুদ্ধ খোৱাপানী নাপালে মহানগৰবাসীয়ে।আনহে নালাগে গুৱাহাটীবাসী আজিও নিশ্চিত নহয়খোৱাপানী কেতিয়া পাব।
প্ৰতিশ্ৰুটো বহুত হ'ল,ফলাফল লাগে।চৰকাৰৰ সৎ সাহস আছে যদি কেতিয়া বিশুদ্ধ খোৱা পানী যোগান ধৰিব দিন-বাৰ-তাৰিখ ঘোষণা কৰক- সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয়।
উল্লেখ্য যে ,দক্ষিণ পশ্চিম গুৱাহাটী , দক্ষিণ গুৱাহাটী চেন্ট্ৰেল, দক্ষিণ পূব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী ৪টা পানী যোগান আঁচনি প্ৰকল্পৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই।
ইয়াৰ উপৰিও মহানগৰীত ৩০% পানীহে জিএমচিয়ে যোগান ধৰে। ফলত বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হয় জনতাই ।
- Log in to post comments
- 10 views