নিউজ ডেস্ক:
প্ৰাপ্যৰ দাবীত সদৌ অসম গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতি সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ।মহানগৰীৰ চচলত সাব্যস্ত কৰে অৱস্থান প্ৰতিবাদ কাৰ্যসূচী।উল্লেখ্য যে সমবায় সমিতি সমূহে চৰকাৰৰ পৰা পাব লগা ১০০০কোটি টকা শীঘ্ৰে মুকলি কৰা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে মঙলবাৰে।পৰিবহণ আৰু কমিচনৰ বাবে প্ৰাপ্য টকাৰ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা বন্ধ হৈ থকা বুলিও জানিব দিয়ে সমিতিৰ সাধাৰণ সম্পাদক আদিত্য ৰাভাই।এন এফ এছ এৰ অধীনত পাবলৈ আছে টকাসমূহ।
উল্লেখ্য যে ৰাজ্যত মুঠ ৮৩৯খন সমবায় সমিতি আছে।ৰাষ্ট্ৰীয় অন্ন সুৰক্ষা চমুকৈ (NFSA), মধ্যাহ্ন ভোজন, অংগণবাড়ী খাদ্য-চাউল যোগান ধৰাৰ উপৰিও শেহতীয়াকৈ ক'ভিডকালীন পৰিস্থিতিত প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ চাউল, বুট আদি বিতৰণ কৰি অহা বুলিও লগতে কয়।
ইয়াৰ উপৰিও সমবায় সৱলীকৰণ আঁচনিৰ কমিচন প্ৰতি কুইণ্টলত ৫০ টকালৈ বৃদ্ধি কৰাৰো দাবী জনায় প্ৰতিবাদকাৰীসকলে।
তাৎপৰ্যপুৰ্ণ কথা এই যে চৰকাৰ তথা যোগান বিভাগে ডিচেম্বৰ মাহৰ ভিতৰত সমবায়সমিতিৰ দাবী সমাধান নকৰিলে ২০২২বৰ্ষৰ জানুৱাৰী মাহৰ পৰা খাদ্য-সামগ্ৰী বিতৰণ বন্ধ ৰাখিব বুলিও স্পষ্ট কৰি দিয়ে সাধাৰণ সম্পাদক গৰাকীয়ে।
সমবায়সমিতি সমূহে বিতৰণ বন্ধ ৰাখিলে ক্ষতিগ্ৰস্ত হ'ব ৰাজ্যত প্ৰায় ২.৫১কোটি হিতাধিকাৰী।
চচলৰ প্ৰতিবাদস্থলীত প্ৰায় তিনি শতাধিক সমবায় সমিতিৰ কর্মী- সদস্যই অংশগ্ৰহণ কৰে।অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাইয়ো অংশগ্ৰহণ কৰে প্ৰতিবাদস্থলীত।
- Log in to post comments
- 41 views