আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক সুশান্ত বৰুৱা

A



নিউজ ডেস্ক:
অৱশেষত পানবজাৰ থানাই গ্ৰেপ্তাৰ কৰিলে প্ৰৱঞ্চক অভিনেতা সুশান্ত বৰুৱাক । উল্লেখ্য যে ,ফাচীবজাৰৰ কানাড়া বেংকৰ ১৬জন গ্ৰাহকক ঋণ দিয়াৰ নামত সুশান্ত বৰুৱাই প্ৰৱঞ্চনাৰে লুটিছিল প্ৰায় ১০কোটি টকা । পানবজাৰ থানাত এই সন্দৰ্ভত সুশান্তৰ বিৰুদ্ধে গোচৰ নম্বৰ ৫৩৯/২১আৰু ৩৫৮/২১ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(B)/৪২০/৪০৬/৪০৯ধাৰাত ৰুজু হৈ আছে দুটাকৈ গোচৰ ।
বৰ্তমান পানবজাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সুশান্তৰ । উল্লেখ্য যে, ৯ ডিচেম্বৰত হাতীগাঁও থানাই গ্ৰেপ্তাৰ কৰিছিল সুশান্ত বৰুৱাক । হাতীগাঁও থানাই দেওবাৰে পাণবজাৰ আৰক্ষীক গটাই দিয়ে সুশান্ত বৰুৱাক ।আজি আদালতত হাজিৰ কৰোৱা হ’ব সুশান্ত বৰুৱাক ।

Your Comments