নিউজ ডেস্ক:
সদৌ অসম মহাবিদ্যালয়ৰ ঠিকা ভিত্তিক শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সংবাদমেল।চাকৰি সু-নিশ্চয়তা তথা স্থায়ী সংস্থাপন প্ৰদান কৰা দাবীৰে মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীলৈ কাতৰ আহ্বান ঠিকাভিত্তিক প্ৰৱক্তাসকলৰ।
উল্লেখ্য যে , প্ৰাদেশিকৃত মহাবিদ্যালয় সমূহত অন্য স্থায়ী প্ৰৱক্তাসকলৰ দৰে প্ৰায়সমূহ কৰ্ম ৰূপায়ন কৰি আহিছে প্ৰবক্তাসকলে।কিন্তু কৰ্ম অনুসৰি তেওঁলোকে নাপায় মজুৰি ।৫বছৰৰো অধিক সময় ঠিকাভিত্তিত প্ৰৱক্তা হিচাপে কৰ্ম সম্পাদন কৰি থকা ৰাজ্যত প্ৰায় ১৩০ গৰাকী প্ৰৱক্তা থকা বুলিও তেওঁলোকে জানিব দিয়ে।
দিছপুৰ প্ৰেছ ক্লাবত প্ৰবক্তাসকলে প্ৰকাশ কৰা অনুসৰি- বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষাত লাভ কৰা নম্বৰৰ ফালৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সক্ষম নহয়।প্ৰবক্তাৰ বাবে যোগ্যতা ফালৰ পৰা সকলো আছে।কিন্তু বৰ্তমান নম্বৰৰ সৈতে আমাৰ নম্বৰ নিমিলে।তাৰ বাবে যিসকলে দীৰ্ঘদিন ধৰি ঠিকা ভিত্তিক প্ৰবক্তাৰূপে দায়িত্ব পালন কৰি আহিছে তেওঁলোকক যোগ্যতাৰ ভিত্তিত স্থায়ী নিযুক্তি প্ৰদান কৰক।
উল্লেখ যে প্ৰতিখন মহাবিদ্যালয়ত ঠিকাভিত্তিক প্ৰবক্তাৰ মজুৰি বেলেগ বেলেগ।মজুৰিৰ পৰিমাণ ২হাজাৰৰ পৰা প্ৰায় ৮ হাজাৰ টকাৰ ভিতৰত তেওঁলোক নিয়োজিত থকাৰ কথা সংবাদমেলত কয়।
যিসময়ত সমগ্ৰ দেশত ডিজিটেল ইণ্ডিয়াৰ সৰৱ চৰ্চা হৈ আছে তেনে সময়ত ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাত অৰ্থাৎ মহাবিদ্যালয়ত কম্পিউটাৰ চায়েন্সৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত স্থায়ী প্ৰবক্তা পদ নাই।ঠিকাভিত্তিক প্ৰবক্তাই কম্পিউটাৰ ছায়েন্সৰ জ্ঞান প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীক।
ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হোৱাৰ পৰা ঠিকাভিত্তিক প্ৰবক্তাসকলৰ মজুৰী লাভ কৰাত সমস্যাৰ সৃষ্টি হোৱা বুলি কয়।
সোমবাৰৰ সংবাদমেলত উপস্থিত থাকে সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মা, সভাপতি ডঃ নয়নজ্যোতি দাস প্ৰমুখ্যে বহুকেইজন সন্থাৰ সদস্য।
- Log in to post comments
- 13 views