নিউজ ডেস্ক:
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মৰিগাঁও কাৰ্যালয়ৰ উদ্যোগত আজি মৰিগাঁও নগৰৰ পবিতৰা হাট প্ৰেক্ষাগৃহত জিলাখনৰ বিভিন্ন আত্মসহায়ক গোটৰ মাজত এক ঋণ প্ৰদান মেলা অনুস্থিত হৈ যায়। ৩১৮ টা আত্মসহায়ক গোটৰ মাজত ৯ কোটি ২২ লাখ টকা ঋণ প্ৰদান কৰাৰ লগতে ৫ গৰাকী বেংক সখীক একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰে। এই উপলক্ষে অনুষ্ঠানটো বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভৰাম্ভ কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত কয় আত্মসহায়ক গোটৰ সদস্যা সকলে ঋণ লোৱাৰ আগতে যিটো লাভজনক ব্যৱসায় বা কৰ্ম সেইটো নিৰ্বাচিত কৰি লোৱাতো অতিকৈ দৰকাৰ। তদুপৰি ঋণ সমূহ যাতে সঠিক ভাবে পৰিচালিত হয় সেই বিষয়টোও গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনাই। সভাত জিলা পৰিষদৰ সভানেত্ৰী ইছমে আৰা বেগম, মূখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, আৰচেটিৰ সঞ্চালক কনক বৰ্মন, ডিপিএম মুছাৰফ হুছেইন চৌধুৰীৰ লগতে বিভিন্ন বেংকৰ প্ৰবন্ধক আৰু বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মৰিগাঁৱৰ বিষয়া আৰু কৰ্মচাৰী আৰু আত্মসহায়ক গোটৰ সদস্যা সকলে অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 7 views