নিউজ ডেস্ক:
হেলমেট পৰিধান নকৰা দুচকীয়া বাহনৰ চালক-আৰোহীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য লগতে মহানগৰীতো আজি পৰা কঠোৰ হৈছে পৰিবহন বিভাগ।চানমাৰি-গণেশগুৰিত পৰিবহণ বিভাগে নিয়ম নমনা সকলৰ বিৰুদ্ধে অভিযান চলাই ২৭৭টা গোচৰ ৰজু কৰাৰ লগতে ৪৬হাজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে।পথ সুৰক্ষাৰ সজাগতা আৰু দুৰ্ঘটনা সংঘটিত হলেও যাতে দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ জীৱন ৰক্ষা পৰে তাৰ বাবে আজিৰে পৰা গুৱাহাটী মহানগৰীত চালক-আৰোহী উভয়ে হেলমেট পৰিধান বাধ্যতামূলক কৰিছে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে।
জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শক , সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰ সকলে মহানগৰী গণেশগুৰী আৰু চানমাৰিত অভিযান চলায়।আইন ভংগকাৰীসকলৰ বিৰুদ্ধে মটৰ পৰিবহণ আইনৰ অধীনত ৰুজু কৰা হয় গোচৰ।
- Log in to post comments
- 23 views